মা দুৰ্গা কৈলাশলৈ উভতি গ'ল। কিন্তু অহা বুধবাৰে লক্ষ্মী পূজা। লক্ষ্মী দেৱীক এতিয়া আদৰিবলৈ সাজু হৈছে সকলো। দুৰ্গা প্ৰতিমাৰ বিসৰ্জনৰ লগে লগেই আৰম্ভ হৈ গৈছে লক্ষ্মী পূজা। আহিন মাহৰ শেষৰ পুৰ্ণিমা তিথিত লক্ষ্মী দেৱীৰ আৰাধনা কৰা হয়। মূলত অসম, বংগ আৰু ওড়িশ্যাত এই পুৰ্ণিমাৰ দিনা চলে পূজা। এই পুৰ্ণিমাক দেশৰ বিভিন্ন প্ৰান্তত শাৰজ পুৰ্ণিমা বুলিও কোৱা হয়। লক্ষ্মী ধন সম্পদৰ দেৱী। সৌভাগ্য আৰু শান্তিৰ প্ৰতিক। সৌভাগ্য আৰু সমৃদ্ধিৰ বাবে ঘৰে ঘৰে লক্ষ্মী দেৱীৰ আৰাধনা কৰা হয়। মা লক্ষ্মী ধন-সম্পত্তি, সমৃদ্ধিৰ দেৱী। লক্ষ্মী দেৱীক আৰাধনা কৰিলে সংসাৰত ভৰি পৰে প্ৰাচুৰ্য। দেৱীক সন্তুষ্ট কৰিবলৈ হ'লে ভক্তি, শ্ৰদ্ধা আৰু সমৰ্পণ প্ৰয়োজন। মা লক্ষ্মীয়ে শব্দ একেবাৰে পছন্দ নকৰে। গতিকে মা লক্ষ্মীৰ পূজাত কেতিয়াও ঘণ্টা বজাব নালাগে। লক্ষ্মী পূজাৰ সময়ত বগা ৰং ব্যৱহাৰ নকৰিব। গতিকে বগা ফুলো নিবেদন নকৰিব। ৰঙা গোলাপ বা অন্য ৰঙৰ ফুলেৰে কৰক পূজা। লক্ষ্মী পূজাত তুলসী পাত অৰ্পণ কৰিব নালাগে। এনে কৰিলে বিপদ হ'ব পাৰে। ৰুষ্ঠ হৈ পৰিব পাৰে দেৱী। মা লক্ষ্মী বহা আসনৰ ৰঙো যেন বগা নহয়। বহাৰ আসন ৰঙীন হ'ব লাগে। লক্ষ্মী পূজাত লোহাৰ বাচন ব্যৱহাৰ কৰিব নালাগে। এইবাৰ লক্ষ্মী পূজাৰ লগন দুদিন পৰিছে। ১৯ তাৰিখে সন্ধিয়া ৭ বাজি ০৩ মিনিটৰ পৰা আৰম্ভ হৈ ২০ অক্টোবৰৰ নিশা ৮ বাজি ২৬ মিনিটত শেষ হ'ব। এই সময়ৰ ব্যৱধানত মা লক্ষ্মীক আৰাধনা কৰক। ইয়াৰ ভিতৰত শুভ সময় ১৯ অক্টোবৰৰ নিশা ১১.৩৫ বজাৰ পৰা ১২.২৭ বজালৈকে।