

জীৱনলৈ সৌভাগ্য আনিবলৈ ৰত্ন পৰিধান কৰাৰ ৰীতি বহু প্ৰাচীন। বহুতে ৰত্নৰ ওপৰত ভৰষা কৰিয়েই জীৱন-নিৰ্বাহ কৰাও দেখা যায়। জানি লওক জন্ম মাহ অনুসৰি কিদৰে বাছি ল'ব লাকী ষ্টোন?


যদি আপোনাৰ জন্মমাহ জানুৱাৰী তেন্তে গাৰ্নেট হ'ল আপোনাৰ লাকী ষ্টোন। এই ৰত্ন পৰিধান কৰিলে মন ভয় আৰু দুচিন্তাৰ পৰা মুক্ত হৈ থাকিব।


যদি ফেব্ৰুৱাৰী মাহত জন্ম তেন্তে এমেথিষ্ট আপোনাৰ লাকী ষ্টোন। ফেব্ৰুৱাৰী মাহৰ জাতক-জাতিকা আবেগ প্ৰৱণ হয়। তেওঁলোকৰ জীৱনত বেলেন্স আনি দিয়ে এমেথিষ্টে।


জুলাই মাহৰ জাতক-জাতিকাৰ জীৱনৰ পৰা দুখ-দুৰ্দশা দূৰ কৰিবলৈ, ভালপোৱা আনিবলৈ অৱশ্যেই ৰবি বা চুনি পৰিধান কৰক।


আগষ্ট মাহৰ জাতক-জাতিকা অবৱসাদত ভোগাৰ সম্ভাৱনা থাকে। সবুজ পেৰিডট ষ্টোন পৰিধান কৰিলে ইয়াৰ পৰা মুক্ত হ'ব পৰা যায়।


অক্টোবৰ মাহত জন্ম লাভ কৰা সকলে ওপল বা উপল পৰিধান কৰক। মনলৈ শান্তি আহিব। দৃষ্টিশক্তি প্ৰখৰ হ'ব।