টকা নাথাকিলে জীৱনত সমস্যাৰ অন্ত নাই। আমি সকলোৱে বিচাৰো অগাধ ধন–সম্পত্তি অৰ্জন কৰিব। কিন্তু কিমানজনে পাৰে! বহু সময়ত বহু লোকৰ পকেট একেবাৰী খালী হৈ পৰে। কিন্তু মানিবেগত এইসমূহ বস্তু ৰাখিলে মা লক্ষ্মীৰ কৃপা সকলো সময়তে আপোনাৰ সৈতে থাকে বুলি বিশ্বাস। জ্যোতিষ শাস্ত্ৰ মতে মানিবেগত মা লক্ষ্মীৰ বহি থকা অৱস্থাৰ ফটো ৰাখিলে শুভ। আহত গছৰ পাতত বিশেষ মন্ত্ৰৰে শুদ্ধ কৰি শুভ মুহূৰ্তত মানি বেগত ৰাখিব পাৰিলেও জীৱনত অৰ্থৰ অভাৱ দূৰ হ’ব। ৰঙা ৰঙৰ কাগজত নিজৰ ইচ্ছাৰ কথা লিখি ৰঙা সূতাৰে বান্ধি মানি বেগত ৰাখিলেও কেতিয়াও ধনৰ অভাৱ নহয়। মানি বেগত কেইটামান চাউল ৰাখিলেও অকাৰণত খৰচ কম হ’ব। পিতৃ–মাতৃ বা গুৰুজনাৰ পৰা পুৰস্কাৰ হিচাপে পোৱা কোনো টকা মানি বেগত ৰাখিব পাৰে। গোমতি চক্ৰ থকা কড়িও ৰাখিব পাৰে মানি বেগত।