চেইফ-কৰীণাই তেওঁৰ দ্বিতীয় সন্তান জন্মৰ পিছৰে পৰা চৰম গোপনীয়তা বজাই ৰাখিছে। তেওঁ ল'ৰা ছোৱালীকো পাপাৰাজ্জিৰ ওচৰ চাপিবলৈ দিয়া নাছিল। তাৰ পৰিৱৰ্তে, তেওঁ কৈছিল যে টাইমুৰৰ সময়ত তেওঁ যিদৰে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল, তাক পুনৰাবৃত্তি কৰিব নিবিচাৰে। যেতিয়া তেওঁ বিচাৰে নিজেই কেমেৰাৰ সন্মুখত আনিব। কিন্তু ইনষ্টাগ্ৰামত ছনোগ্ৰাফীৰ ফটোৱে আচৰিত কৰে সকলোকে। (ফটো ইনষ্টাগ্ৰাম)
কেৱল সেয়াই নহয়, তেওঁৰ পুত্ৰৰ নাম প্ৰকাশ কৰিবলৈ পাঁচ মাহ অপেক্ষা কৰিছিল। মাত্ৰ ২৪ ঘণ্টাৰ আগতে এইটো খবৰ পোৱা গৈছিল যে নৱাব পৰিয়ালৰ কনিষ্ঠতম সদস্য আৰু চেইফ আলী খানৰ চতুৰ্থ সন্তানৰ নাম জেহ, যাৰ অৰ্থ হৈছে মূৰত নীলা পালক থকা চৰাই। টাইমূৰক লৈ মিডিয়া তোলপাৰ লগাই থকা মহিলাগৰাকী হঠাতে নীৰৱ হৈ পৰাৰ কাৰণ আচলতে আছিল অন্য। (ফটোঃ ইনষ্টাগ্ৰাম)
ভিডিঅ'টোত দেখা হৈছিল কৰীণাক এখন গ্ৰন্থৰ সৈতে। ভিডিঅ'টোত তেওঁক ওভেনৰ পৰা কিবা এটা উলিয়াই অনা দেখা যায়। তেওঁ দৰ্শকসকলক কয়– 'চাও আহক কি হৈ আছে। কেকটো ওভেনৰ পৰা ওলাই আহিব নেকি? হয়তো। কিন্তু ট্ৰেত সেইটো কি? হেই, এইখনতো কিতাপ যেন দেখি।' এয়াই তেওঁৰ তৃতীয় সন্তান! এই কিতাপ সোনকালেই প্ৰকাশ কৰা হ'ব। নামটো হৈছে 'প্ৰেগনেন্সী বাইবেল'। বেগমজানে কিতাপখনক তেওঁৰ তৃতীয় সন্তান বুলি কৈছিল। (ফটোঃ ইনষ্টাগ্ৰাম)
গৰ্ভস্থ সময়ক লৈ তেওঁ কিবা–কিছু লিখাৰ কথা জনাইছিল আগেয়ে। এতিয়া ইনষ্টাগ্ৰামযোগে অনুৰাগীক কিছু কৌতূহলৰ মাজত ৰাখি এই কথা পুনৰ ৰাজহুৱা কৰে। তেওঁ কয়– 'এয়া এক অন্য যাত্ৰা... মই দুবাৰ মাতৃ হোৱা আৰু প্ৰেগনেন্সী বাইবেল লিখা কাহিনী। যেনেকৈ বেয়া সময় পাৰ হৈ গৈছে, তেনেদৰে ভাল সময়ো পাৰ হৈ গৈছিল। কোনোবা দিনা মই কামলৈ যাবলৈ পাগল হৈ গৈছিলো। কেতিয়াবা বিছনা এৰিব বিচৰা নাছিলো। এই কিতাপখন মাতৃ হোৱাৰ সেই যাত্ৰাৰ শাৰীৰিক আৰু মানসিক অভিজ্ঞতাৰ কাহিনী।' (ফটোঃ ইনষ্টাগ্ৰাম)