দ্বিতীয়বাৰ মাতৃ হ’ল কৰিনা কাপুৰ খান। যোৱানিশা মুম্বাইৰ ব্ৰীছ কেণ্ডি হাস্পতালত ভৰ্তি হৈছিল কৰিনা। ২১ ফেব্ৰুৱাৰীৰ পুৱা কৰিনাৰ কোলালৈ আহিল এটি পুত্ৰ সন্তান। ২০২০ৰ আগষ্ট মাহত নতুন সদস্য অহাৰ খবৰ প্ৰকাশ কৰিছিল কৰিনা আৰু ছইফে। ২০১৬ চনত জন্ম লাভ কৰিছিল তেওঁলোকৰ প্ৰথম সন্তান তাইমুৰ আলী খানৰ। বিগত কিছুদিন ধৰি কৰিনাৰ সন্তান জন্মক লৈ নানা ধৰণৰ খবৰ ওলাইছিল ছচিয়েল মিডিয়াত। কিন্তু সেই খবৰবোৰ আছিল ভুৱা। ঘৰলৈ নতুন সদস্য অহাৰ পূৰ্বে পাতাউদী হাউছ এৰি নিজৰ ঘৰলৈ স্থানান্তৰিত হৈছে কৰিনা–ছইফ। নতুন ঘৰটো সুন্দৰকৈ সজাইছে তেওঁলোকে। কণমানি সদস্যৰ বাবেও এটা ঘৰ সজাইছে। হাস্পতালৰ পৰা ঘূৰি অহাৰ পিছত নতুন ঘৰতে আৰম্ভ হ’ব তেওঁলোকৰ চাৰিজনীয়া সুখৰ সংসাৰ।