ভুবন বাদ্যকাৰ। বীৰভূমৰ এখন গাঁৱত বাদাম বিক্ৰী কৰিছিল। কিছুদিন পূৰ্বে তেওঁৰ বাদাম বিক্ৰীৰ এঠা ভিডিঅ’ পোহৰলৈ আহে। তাৰ পিছত সেয়া ভাইৰেল হৈ পৰে। তাৰ পিছৰে পৰা ছচিয়েল মিডিয়াত তুমুল চৰ্চা। দেশ–বিদেশৰ তাৰকাৰ পৰা সাধাৰণ মানুহলৈ সেই গানৰ সৈতে নৃত্য কৰিছে। সম্প্ৰতি কলকাতাৰ এটা অভিজাত ক্লাবত গানো গাইছে ভুবন বাদ্যকাৰে। যিজন মানুহে দিনত ২০০–২৫০ টকা উপাৰ্জন কৰিছিল, তেওঁ এতিয়া ছচিয়েল মিডিয়া ছেনজেচন। (সংগৃহীত ফটো)
২০২১ চনতে পাকিস্তানৰ ১৯ বছৰীয়া যুৱতী দাননেৰ মবিনৰ ‘পাওৰি হো ৰহি হ্যে’ ভিডিঅ’টো ছচিয়েল মিডিয়া কঁপাইছিল। নেটিজেনে তেওঁৰ পাৰ্টীক ‘পাওৰি’ বোলা ইমানেই পছন্দ কৰিছিল যে দানানিৰ নিশাটোৰ ভিতৰতে ইণ্টাৰনেট ছেনজেচন হৈ পৰে। প্ৰিয়া প্ৰকাশৰ দৰেই, দানানিৰ মবিনৰ ইনষ্টাগ্ৰামত লাখ লাখ ফলোৱাৰ হয় মাত্ৰ কিছুদিনৰ ভিতৰত। (সংগৃহীত ফটো)
২০১৮ চনত এটা ভিডিঅ’ ছচিয়েল মিডিয়াত ভাইৰেল হয়, য’ত এগৰাকী যুৱতীয়ে চকুটিপেৰে খেলিমেলি লগাইছিল লাখ লাখ পুৰুষৰ হৃদয়ত। সেই যুৱতীগৰাকী আন কোনো নহয়, মালায়ালম অভিনেত্ৰী প্ৰিয়া প্ৰকাশ ভেৰিয়াৰ। কিন্তু তেওঁ যে এগৰাকী অভিনেত্ৰী সেই কথা পোহৰলৈ আহে সেই ভিডিঅ’টো ভাইৰেল হোৱাৰ পিছতহে। প্ৰিয়া প্ৰকাশৰ সেই ২৬ ছেকেণ্ডৰ ভিডিঅ’টো দ্ৰুতগতিত ভাইৰেল হৈ পৰিছিল। প্ৰিয়া এদিনৰ ভিতৰতে ছচিয়েল মিডিয়াৰ লাখ লাখ ব্যৱহাৰকাৰীৰ নয়নৰ মণি হৈ পৰে। (সংগৃহীত ফটো)
২০১৮ চনত মধ্য প্ৰদেশৰ বিদিশাৰ বাসিন্দা অধ্যাপক সঞ্জীৱ শ্ৰীবাস্তৱ ‘ডেন্সিং আংকল’ নামেৰে পৰিচিত হয়। সঞ্জীৱ শ্ৰীবাস্তৱক গোবিন্দাৰ নৃত্যশৈলী একেবাৰে হুবহু নকল কৰা দেখা গৈছিল এক বিয়াৰ অনুষ্ঠানত। তেওঁৰ পত্নীক কাষত লৈ গোবিন্দাৰ গান ‘আপনে আজ জানে ছে...’ত নৃত্য কৰি ভাইৰেল হৈ পৰিছিল সঞ্জীৱ শ্ৰীবাস্তৱ। (সংগৃহীত ফটো)
২০১৯ চনত লতা মংগেশকাৰৰ গান ‘প্যাৰ কা নগমা হ্যে’ গাই নিশাটোৰ ভিতৰতে বিখ্যাত হৈ পৰিছিল ৰাণাঘাটৰ ৰাণু মণ্ডল। হিমেশ ৰেশমিয়াৰ সৈতে ‘তেৰি মেৰি কাহানী’ গানটো গাইছে ৰাণুৱে। হিমেশেৰ সৌজন্যত ৰাণুক দেখা গৈছিল টিভি শ্ব’ আৰু ইভেণ্টতো। বিখ্যাত হোৱাৰ পূৰ্বে ৰাণাঘাট ষ্টেচনত গান গাই জীৱিকা নিৰ্বাহ কৰিছিল ৰাণু মণ্ডলে। এদিন সেই ষ্টেচনত গান গোৱাৰ ভিডিঅ’ কৰি ছচিয়েল মিডিয়াত পোষ্ট কৰিছিল এজন যুৱকে। নিশাটোৰ ভিতৰতে সেয়া ভাইৰেল হৈ পৰে। (সংগৃহীত ফটো)