– নিয়ম অনুসৰি, পেঞ্চনক লৈও সমস্যাই দেখা দিব। যিসকল বয়োজ্যেষ্ঠ নাগৰিক, তেওঁলোকে যদি নিজে যদি পান–আধাৰ লিংক কৰিব নোৱাৰে, তেন্তে আনসকলৰ দৰেই পান কাৰ্ড নিষ্ক্ৰিয় কৰি দিয়া হ’ব। ফলত পেঞ্চনৰ টকা অহাক লৈ সমস্যা হ’ব পাৰে। যিসকলে শেহতীয়াকৈ অৱসৰ গ্ৰহণ কৰিছে, তেওঁলোকৰো যদি পান আৰু আধাৰ লিংক নাথাকে তেন্তে পেঞ্চন পোৱা পদ্ধতি সুদূৰ বিলম্বিত হৈ উঠিব পাৰে। ফেমিলি পেঞ্চনৰ ক্ষেত্ৰতো সমস্যাৰ সন্মুখীন হ’ব পাৰে পান আধাৰ লিংক কৰা নাথাকিলে।
কেনেকৈ কৰিব এই কাম ১. আধাৰৰ সৈতে ৰেজিষ্টাৰ্ড ম’বাইল নম্বৰৰ পৰা মেছেজ প্ৰেৰণ কৰিব লাগিব। ২. প্ৰথমে লিখিব লাগিব UIDPAN, তাৰ পিছত স্পেচ দি লিখিব লাগিব ১২ সংখ্যাৰ আধাৰ নম্বৰ। তাৰ পিছত পুনৰ এটা স্পেচ দি লিখিব লাগিব ১০ সংখ্যা–আখৰৰ পান নম্বৰ। ৩. এছএমএছ প্ৰেৰণ কৰিব লাগিব 567678 বা 56161 নম্বৰত। ৪. মেছেজ ঠিক মতে প্ৰেৰণ কৰা হ’লে আধাৰ আৰু পান সংযুক্ত সংক্ৰান্তীয় এটা কনফাৰ্মেচন মেছেজ পোৱা যাব।