বিগত IPLত বহুতৰে দৃষ্টি আকৰ্ষণ কৰা অলৰাউণ্ডাৰ অভিষেক এই বৰ্ষতো সুযোগ পোৱাৰ সম্ভাৱনা। আব্দুল ছামাদ হৈছে হায়দৰাবাদৰ আন এগৰাকী প্ৰতিভাসম্পন্ন অলৰাউণ্ডাৰ। ডেথ বলাৰ স্পেচিয়েলিষ্ট হিচাপে খ্যাত নটৰাজনে ইতিমধ্যে ভাৰতীয় দলৰ হৈও উন্নতমানৰ খেল দেখুৱাইছে। চেন্নাই দলৰ পৰা এইবাৰ হায়দৰাবাদত যোগ দিব কেদাৰে। আফগানিস্তানৰ মহম্মদ নবীয়ে যিকোনো সময়তে খেলৰ ৰূপ সলনি কৰাৰ ক্ষমতা আছে।