১৫৫ ৰাণৰ টাৰ্গেট লৈ খেলিবলৈ আৰম্ভ কৰিয়েই অধিনায়ক ৱাৰ্নাৰ (৪) তথা বেয়াৰষ্ট (১০)-ৰ উইকেট হেৰুৱালেও চানৰাইজাৰ্ছৰ খেল জিকাত অকনো অসুবিধা নহয়। ইয়াৰ কৃতিত্ব অৱশ্যে দুই ভাৰতীয় বেটছমেন- মণীষ তথা বিজয় ৷ ৪৭ বলত ৮৩ ৰাণ কৰা মণীষ তথা ৫১ বলত ৫২ ৰাণ কৰি শেষপৰ্যন্ত অপৰাজিত থাকে বিজয় শংকৰ৷ Photo Courtesy: IPL/BCCI
টছত হাৰি প্ৰথমে বেট কৰিবলৈ নমা ষ্টকছ (৩০) তথা চেমচন (৩৬)ৰ বাহিৰে কোনো এজন ৰাজস্থান ৰয়েলছৰ বেটছমেনে ৰাণ কৰিব নোৱাৰে। শেষৰ ফালে দলৰ ৰাণ কোনোমতে ১৫০-ৰ গণ্ডী পাৰ হয়। ১৫৫ৰাণৰ সহজ টাৰ্গেট লৈ খেলিবলৈ নামে চানৰাইজাৰ্ছ হায়দৰাবাদা। ১০খন মেচত ৱাৰ্নাৰৰ দলে এইপৰ্যন্ত ৮ পইণ্ট সংগ্ৰহ কৰিছে ৷ লীগ টেবুলত পঞ্চম স্থানত আছে তেওঁলোক। Photo Courtesy: IPL/BCCI