এনেকৈ বুজক হিচাপঃ SIPৰ জৰিয়তে সোনকালে বিনিয়োগ আৰম্ভ কৰিলে অধিক ৰিটাৰ্ণ লাভ কৰিব, কাৰণ ইয়াত চক্ৰবৃদ্ধি সুত পোৱা যায়। উদাহৰণস্বৰূপে যদি ৰামে ৩০বছৰ বয়সত ১,০০০টকা জমা কৰে আৰু তেওঁ ৮শতাংশ হাৰত ৰিটাৰ্ণ লাভ কৰে তেনেহ’লে ৬০বছৰ সম্পূৰ্ণ কৰোতে তেওঁ ১২.২৩লাখ টকা পাব। সেইদৰে ৰামে ৩৫বছৰ বয়সত ১০০০টকাকৈ জমা কৰে আৰু ৮শতাংশ হাৰত সুত লাভ কৰে তেনেহ’লে ৬০বছৰ বয়সত মাত্ৰ ৭.৮৯লাখ টকা লাভ কৰিব। ইয়াৰ পৰা ধৰিব পাৰি যে আৰম্ভনিতে ৫০হাজাৰ টকাৰ পাৰ্থক্যই শেষত ৪লাখৰো অধিক টকাৰ পাৰ্থক্য আনি দিয়ে।