২০১৫ চনত আৰম্ভ কৰা অটল পেঞ্চন যোজনা (Atal Pension Yojana- APY)। ইয়াত বিনিয়োগ কৰি আপুনি মাহিলী উপাৰ্জনৰ ব্যৱস্থা কৰিব পাৰে। যদিও অসংগঠিত খণ্ডত কাম কৰা লোকসকলৰ বাবে অটল পেঞ্চন যোজনা কৰা হৈছিল, ১৮ ৰ পৰা ৪০ বছৰ বয়সৰ যিকোনো ভাৰতীয় নাগৰিকে আঁচনিখনত বিনিয়োগ কৰি পেঞ্চন লাভ কৰিব পাৰে। তেওঁলোকৰ কেৱল বেঙ্ক বা ডাকঘৰত একাউণ্ট থাকিব লাগে।