আপোনাৰ বাবে আছে এটা বিশেষ অ’ফাৰ! বৃহত্ পৰিমাণৰ ধন বিনিয়োগ কৰিয়েই নহয়, কম পৰিমাণৰ ধন বিনিয়োগ কৰিও আপুনিও লাভ কৰিব পাৰে বৃহত্ পৰিমাণৰ ধনৰাশি। কাৰণ এতিয়া প্ৰতিদিনে মাত্ৰ ২০০ টকা বিনিয়োগ কৰিয়েই লাভ কৰিব পাৰিব ১৪ লাখ পৰ্যন্ত টকা। পিছে আপোনাৰ ধনৰাশি জমা কৰিব লাগিব পাব্লিক প্ৰভিডেণ্ট ফাণ্ডৰ একাউণ্টত। একাউণ্টত প্ৰতিদিনে ২০০ টকাকৈ জমা কৰিলে ২০ বছৰৰ পিছত লাভ কৰিব প্ৰায় ১৪ লাখ পৰ্যন্ত টকা। পিপিএফ স্কীমৰ অধীনত আপুনি বিনিয়োগ কৰা ধন সদায় সুৰক্ষিত। আনকি লাভ কৰা সুতৰ হাৰতো কোনো ধৰণৰ টেক্স দিব নালাগে। পাব্লিক প্ৰভিডেণ্ট ফাণ্ডত ধন জমা কৰিলে আপুনি লাভ কৰিব নমিনীৰো সুবিধা। ইয়াৰ বাবে আপুনি একাউণ্ট পোষ্ট অফিচ আৰু বেংকত খুলিব পাৰিব। ১৫ বছৰলৈ জমা কৰিব লাগিব ধন। আৰু এই সময় সীমা ৫ বছৰলৈ বৃদ্ধি কৰিবও পাৰিব। পিছে বছৰত কমেও ১.৫০ লাখ টকা ধন জমা কৰিব লাগিব।