

বৰ্তমান অষ্ট্ৰেলিয়া ভ্ৰমণত আছে টিম ইণ্ডিয়া। তাৰ মাজতে আৰম্ভ হৈছে এক নতুন বিতৰ্ক। ৰোহিত শৰ্মা, শুভমন গীল, ঋষভ পণ্ট, নৱদ্বীপ চাইনী এখন ৰেষ্টুৰেণ্টলৈ গৈছিল। ৰেষ্টুৰেণ্টত খেলুৱৈকেইগৰাকীয়ে খোৱা খাদ্যকলৈ আৰম্ভ হৈছে বিতৰ্ক। ট্ৰ’ল হৈছে ক্ৰিকেটাৰকেইজন।


ভাৰতীয় ফেন এগৰাকীয়ে ক্ৰিকেটাৰ কেইগৰাকীৰ ৰেষ্টুৰেণ্টৰ বিল পে কৰিবলৈ বিচাৰিছিল। আৰু তাৰ পিছত লোকজনে আনন্দত মতলীয়া হৈ বিলখন ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰি দিয়ে। আৰু তাৰ পিছতে সূত্ৰপাত হয় বিতৰ্কৰ।


নতুন বছৰৰ আৰম্ভণিৰ সময়তে ৰেষ্টুৰেণ্টলৈ গৈছিল ৰোহিত, ঋষভ, পৃথ্বী, শুভমন। ছচিয়েল মিডিয়াত ভাইৰেল হয় তেওঁলোকে খোৱাৰ ভিডিঅ’। তাৰ পিছতে ক্ৰিকেটাৰ কেইগৰাকীক আইছ’লেছনত পঠিয়াবলগীয়া হয়।


ক্ৰিকেট অষ্ট্ৰেলিয়াই ইতিমধ্যে তদন্ত কৰিছে ক্ৰিকেটাৰ কেইগৰাকীয়ে সঁচাকৈয়ে কোৰোণাৰ ৰেষ্ট্ৰিকশ্যনৰ মাজত থকাৰ পিছতো ৰেষ্টুৰেণ্টখনলৈ গৈছিল নেকি? ভাৰতীয় ক্ৰিকেটে অস্বীকাৰ কৰিছে এই কথা।


তাৰ মাজতে এতিয়া আৰম্ভ হৈছে গো মাংসকলৈ বিতৰ্ক। ক্ৰিকেটাৰ কেইগৰাকীয়ে ৰেষ্টুৰেণ্টখনত গো-মাংস গ্ৰহণ কৰিছিল বুলি একাংশ লোকে বিল দেখুৱাই দাবী কৰিছে। ইয়াৰ ফলত দুভাগত বিভক্ত হৈছে ক্ৰিকেট অনুৰাগীও। হিন্দু ধৰ্মৰ ৰীতি-নীতি মতে, গো-মাংস খোৱা নিষিদ্ধ বা পাপ। আৰু তেনে সময়তে হিন্দু ধৰ্মত বিশ্বাস কৰা ৰোহিত শৰ্মাই কিয় গো-মাংস ভক্ষণ কৰিলে বুলি প্ৰশ্ন কৰা দেখা গৈছে।