দেশবাসীলৈ ভাৰতীয় ষ্টেট বংকৰ ডাঙৰ সুযোগ। SBIৰ গ্ৰাহক হ'লেই বিনামূলীয়াকৈ লাভ কৰিব ২ লাখ টকাৰ বীমাৰ সুবিধা।(Free of cost rupess two lakh as accidental policy ) এই সুবিধা সেইসকলে পাব, যাৰ ষ্টেট বেংকত জনধন একাউণ্ট আছে। ২০১৪ চনত নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী হোৱাৰ পিছত প্ৰধানমন্ত্ৰী জনধন একাউণ্ট যোজনাৰ আৰম্ভ কৰিছিল। আৰ্থিক ভাবে পিছপৰা মানুহৰ কথা চিন্তা কৰিয়েই এই চেভিংচ একাউণ্ট খোলাৰ কথা কৈছিল প্ৰধানমন্ত্ৰীগৰাকীয়ে। অৰ্থনৈতিক সেৱা, বেংকিং চেভিংচ, জমা, ক্ৰেডিট, বীমা, পেঞ্চন যাতে সহজেই লাভ কৰে, তাৰ বাবে এই উদ্যোগ লোৱা হৈছিল। বেচিক চেভিংচ একাউণ্টক জনধন একাউণ্টলৈ স্থানান্তৰ কৰাৰো সুযোগ আছে। ২৮ আগষ্ট ২০১৮ৰ পিছৰ পৰা জনধন একাউণ্টৰ গ্ৰাহকে ২ লাখ টকা দুৰ্ঘটনা বীমাৰ সুবিধা লাভ কৰাটো সম্ভৱ হৈ পৰিছে। এই যোজনাই দুৰ্ঘটনা পলিচী ভাৰতৰ বাহিৰত হোৱা দুৰ্ঘটনাও কভাৰ কৰে। সমস্ত কাগজপত্ৰ, প্ৰমাণপত্ৰ জমা দিয়াৰ পিছত ভাৰতীয় মুদ্ৰাৰ টকা দিয়া হয়। যি নমিনী থাকিব, পৰৱৰ্তীসময়ত দুৰ্ঘটনা সংক্ৰান্তীয় যাৱতীয় সুযোগ লাভ কৰিব।