বেংক একাউণ্ট আছেনে? যদি আছে, নিশ্চয় আপুনি ATM Cum Debit Card-ও ব্যৱহাৰ কৰে। তেন্তে ডাঙৰ সুবিধা লাভ কৰিব দেশৰ অন্যতম ডাঙৰ বেচৰকাৰী বেংকৰ ফালৰ পৰা। IDFC First Bank- ৰ গ্ৰাহকৰ বাবে এক ডাঙৰ উপহাৰ। এই অফাৰ ৪ নৱেম্বৰ ২০২১ পৰ্যন্ত বৈধ থাকিব। IDFC Bank Websiteৰ ফালৰ পৰা পোৱা তথ্য অনুসৰি, এই অফাৰ কিছু কেটেগৰীক বাদ দিলে ডেবিট কাৰ্ডৰ পেমেণ্টৰ ওপৰত ১ শতাংশ কেচবেক লাভ কৰিব।১৭ ছেপ্তেম্বৰ ২০২১ ৰ পৰা ৪ নৱেম্বৰ ২০২১ৰ ভিতৰত পেমেণ্ট কৰিলেই এক শতাংশ কেচবেক লাভ কৰিব। এই কেচবেকৰ সীমা সৰ্বাধিক ১০ হাজাৰ টকা পৰ্যন্ত। কিন্তু কেচবেক পাবলৈ কিছু নিয়মো মানি চলিব লাগিব। অ'ফাৰৰ সময়সীমাৰ মাজত অনলাইন, অফলাইন লেনদেন কৰিব লাগিব। ডেবিট কাৰ্ডৰ জৰিয়তে এটিএমৰ পৰা টকা উলিয়ালে, ই-ৱালেটত টকা লোড, ইএমআই বা ফাণ্ড ট্ৰান্সফাৰৰ ক্ষেত্ৰত এই অফাৰ লাভ নকৰিব। লেনদেনৰ ৪৮ ঘণ্টাৰ ভিতৰত গ্ৰাহকৰ একাউণ্টত কেচবেক ক্ৰেডিট হ'ব। মূলতঃ IDFC ফাষ্ট বেংকে গ্ৰাহকক প্ৰতিমাহে সুত দিয়ে। এই নিয়ম পহিলা জুলাই ২০২১ৰ পৰা আৰম্ভ হৈছে। ৰিজাৰ্ভ বেংকৰ নিয়ম অনুসৰি বেংকে বিচাৰিলে সুতৰ টকা প্ৰতি মাহে দিব পাৰে।