'খেলোতে আঘাত পোৱা ঠাইত মই চুমা খাই দিম, তোমাৰ বিষ নাইকীয়া হৈ যাব দেউতা'- কণমানি কন্য়াৰ মৰমসনা কথা শ্বেয়াৰ কৰিলে চেতেশ্বৰ পূজাৰাই
ভাৰতীয় ক্ৰিকেটৰ স্তম্ভ চেতেশ্বৰ পূজাৰাই যিদৰে অষ্ট্ৰেলিয়াৰ মাটিত বেটিং কৰিলে, সেইলৈ এতিয়া সমগ্ৰ বিশ্ৱৰ ক্ৰিকেট প্ৰেমীয়ে বাহ বাহ দিছে।


ভাৰতীয় ক্ৰিকেটৰ স্তম্ভ চেতেশ্বৰ পূজাৰাই যিদৰে অষ্ট্ৰেলিয়াৰ মাটিত বেটিং কৰিলে, সেইলৈ এতিয়া সমগ্ৰ বিশ্ৱৰ ক্ৰিকেট প্ৰেমীয়ে বাহ বাহ দিছে। ৱালৰ দৰে বেটিং কৰিলে পূজাৰাই। জাতীয় দায়িত্ব পালন কৰোতে বহুবাৰ শাৰীৰিক আঘাতো পাইছিল ক্ৰিকেটাৰগৰাকীয়ে।


কিন্তু তাৰ পিছতো নিজৰ মনোবল ভাঙি দিয়া নাছিল পূজাৰাই। চতুৰ্থ ইনিংছত প্ৰায় ২০০টা বল খেলিছিল পূজাৰাই।


ভাৰতীয় দলে ক্ৰমাগত দ্বিতীয়বাৰ বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফি জয় কৰিছে। চিৰিজ জয় কৰি ভাৰতীয় ক্ৰিকেট দল ঘৰলৈ উভতি আহিছে। তাৰ মাজতে এক সাক্ষাৎকাৰত পূজাৰাৰ নিজৰ কন্যাৰ এটা চিক্ৰেট জনাইছে।


পূজাৰাৰ কন্যাই দেউতাকৰ শৰীৰৰ বিষ কমাবলৈ এক অভিনব পদ্ধতি লৈছে। মাত্ৰ ২ বছৰীয়া অদিতিয়ে কৈছে যে, 'খেলোতে আঘাত পোৱা ঠাইত মই চুমা খাই দিম, তোমাৰ বিষ নাইকীয়া হৈ যাব দেউতা'।


কিন্তু যেতিয়া আঘাতৰ সন্দৰ্ভত প্ৰশ্ন কৰা হয়, পূজাৰাই কয় যে, মই কেতিয়াও পেইন কিলাৰ নাখাও। বিষ সহ্য কৰাৰ ক্ষমতা মোৰ তৈয়াৰ হৈ গৈছে।