

প্ৰথমে লক্ষ্য কৰিব লাগিব, আপোনাৰ নামত কোনোবাই মিছা খবৰ উলিয়াইছে নেকি? মিছা কথা বহুতে ক’ব আপোনাক, যি আপোনাৰ সফলতাক ঈৰ্ষা কৰে। আপোনাক কোনোবাই ধৰক মিছা অপবাদ দিছে, তেন্তে জানিব তেওঁ আপোনাক হিংসা কৰে।(প্রতীকী ছবি)


আপোনাৰ ওপৰত যদি কোনো লোকে কথাই প্ৰতি খং কৰে, বা সকলো কথাতে কিবা নহয় কিবা ভুল ধৰে, তেন্তে বুজিব লোকজনে আপোনাক হিংসা কৰে। ইচ্ছা কৰি আপোনাক মানসিক ভাবে দুৰ্বল কৰিবলৈ এনেধৰণৰ কাম কৰে।(প্রতীকী ছবি)


আপোনাৰ দৰে হোৱাৰ চেষ্টা কৰিছে নেকি কোনো লোকে? যিদৰে আপুনি সফলতা লাভ কৰিছে, সেই পথকে অনুকৰণ কৰিছে? তেন্তে জানিব যে, সেই লোকজনেও আপোনাক হিংসা কৰে। যদি আপোনাৰ উপদেশ লৈ আগবাঢ়িব বিচাৰে, তেন্তে ই ঈৰ্ষা নহয়, মনে মনে অনুকৰণ কৰাহে ঈৰ্ষা কৰাৰ লক্ষণ।(প্রতীকী ছবি)


যি আপোনাৰ ক্ষতি কৰা বা আপোনাৰ বিৰুদ্ধে কথা লগাই বহু লোকক নিজৰ ফলীয়া কৰে. তেন্তে বুজিব সেই লোকজনে আপোনাক ঈৰ্ষা কৰে। কাৰণ আপোনাৰ সফলতা লোকজনৰ সহ্য হোৱা নাই।(প্রতীকী ছবি)