এটিএমৰ দীঘলীয়া শাৰীত থিয় হৈ নহয়। জানক ADWM ব্যৱহাৰ কৰি টকা উলিওৱাৰ সহজ উপায়। ভাৰতৰ সকলোতকৈ বৃহৎ ঋণ প্ৰদানকাৰী সংস্থা ষ্টেট বেংক অৱ ইণ্ডিয়াই এই সুবিধা প্ৰদান কৰিছে। বেংকে এইবাৰ গ্ৰাহকসকলক এছবিআই অট’মেটেড ডিপ’জিট তথা উইথড্রৱ’ল মেচিনন (এডিডব্লিউএম) ব্যৱহাৰ কৰাৰ কাৰণে আৱেদন জনাইছে। এডিডব্লিউএমৰ পৰা টকা তুলিলে এতিয়া এটিএম-ৰ দীঘলীয়া শাৰীত থিয় দিয়াৰ পৰা মুক্তি লাভ কৰিব। অধিকাংশ মানুহেই এডিডব্লিউএমৰ পৰা টকা সাধাৰণতে নুলিয়ায়। কেনেকৈ জানক।
এছবিআই–এ মানুহৰ মাজত এইক্ষেত্ৰত সজাগতাৰ সৃষ্টি কৰিবলৈ ADWMৰ পৰা টকা উলিওৱাৰ বিষয়টো বিস্তাৰিতভাৱে জনাইছে। এছবিআইয়ে নিজৰ টুইটাৰ হেণ্ডেলত শেহতীয়াকৈ জনাইছে এডিডব্লিউএম থকাৰ কাৰণে এতিয়া এটিএমৰ দীঘলীয়া শাৰীত থিয় হোৱাৰ প্ৰয়োজন নাই। এডিডব্লিউএম ব্যৱহাৰ কৰি ক্ষীপ্ৰতাৰে টকা উলিয়াব পাৰিব। ইয়াৰ লগতে এছবিআইয়ে কেনেকৈ এই এডিডব্লিউএম ব্যৱহাৰ কৰিব পাৰিব সেয়া ব্যাখ্যা কৰি ২২ ছেকেণ্ডৰ এটা ভিডিও টুইটাৰত আপলোড কৰিছে। বেংকে জনাইছে গ্ৰাহকে সাধাৰণতে এই মেচিন টকা জমা কৰিবলৈ ব্যৱহাৰ কৰে আৰু সাধাৰণতে এই মেচিনৰ পৰা টকা বাহিৰ নকৰে তেওঁলোকে।
এছবিআইৰ অট’মেটেড ডিপ’জিট এণ্ড উইথড্রৱ’ল মেচিন (এডিডব্লিউএম)ৰ পৰা কেনেকৈ টকা উলিয়াব সেয়া বিশদভাৱে জানকঃ ১. ডেবিট কার্ড লৈ স্থানীয় এছবিআইৰ এডিডব্লিউএমত যাওক। ২. এডিডব্লিউএমত ডেবিট কার্ড স্ক্ৰেছ কৰি অপশ্যনৰ পৰা বেংকিং বাচনি কৰক। ৩. নিজৰ সুবিধা অনুসাৰে ভাষা বাচনি কৰি নেক্সট চিলেক্ট কৰক। ৪. নিজৰ এটিএম পিন নম্বৰ দিয়ক। ৫. অপচনৰ পৰা কেছ উইথড্ৰৱ’ল চিলেক্ট কৰক। ৬. যিমান টকা বাহিৰ কৰিব সেই পৰিমাণ ভৰাওক। এডিডব্লিউএম-ৰ ছাটাৰ খুলি আপোনাৰ টকা ওলাই আহিব।
১৮ ছেপ্তেম্বৰৰ পৰা সমগ্ৰ দেশৰ যিকোনো এছবিআইৰ এটিএমৰ পৰা ১০,০০০ বা তাৰ অধিক পৰিমাণৰ টকা বাহিৰ কৰিলে ম’বাইল অ’টিপি লাগিব। এই নিয়ম বলৱৎ কৰা হৈছে। এই নতুন নিয়মৰ ফলত গ্রাহকসকলৰ টকা যিমান সুৰক্ষিত হৈ থাকিব সিমানেই এটিএমৰ জালিয়াতিও বন্ধ হ’ব বুলি আশা কৰা হৈছে। লগতে, এই এডিডব্লিউএমত টকা উলিওৱাৰ সুবিধাই যে গ্ৰাহকক যথেষ্ট সকাহ দিছে সেয়া নকলেও হ’ব।