পাকঘৰৰ অতি প্ৰয়োজনীয় নহৰু। কেৱল আঞ্জাৰ সোৱাদ বৃদ্ধিয়ে নহয়, নহৰুৰ আছে বহু উপকাৰিতা। কিন্তু নহৰুৰ বাকলি গুচুৱাটো এক আমনিদায়ক কাম! জানি লওক ১ মিনিটত ১ কেজি নহৰুৰ বাকলি কেনেকৈ গুচাব তাৰ উপায়। প্ৰথমে কিছু নহৰু সৰু সৰু টুকুৰা কৰি কাটি লওৰ। এতিয়া নহৰুখিনি হাতেৰে ঘঁহক। কিছু বাকলি আপোনাৰ হাতত লাগি ধৰিব। ইয়াৰ পিছত টুকুৰাবোৰ এটা বাতিত লৈ ফুৱাই দিয়ক। উৰি যাব নহৰুৰ বাকলিবোৰ। আন এটা সহজ পদ্ধতি আছে, নহৰুৰ ফোটাবোৰ এৰুৱাই টান অংশখিনি ওপৰলৈ ৰাখি, টান অংশৰে নহৰুৰ ফোটাটোত হেঁচা দিয়ক। সহজতে বাকলিৰ পৰা আঁতৰি আহিব নহৰুৰ ফোটা। বহু নহৰুৰ বাকলি একেলগে গুচাবলৈ নহৰুৰ ফোটাবোৰ এটা বাতিত লৈ অলপ গৰম পানী মিহলাওক। ৫ মিনিটমান তিয়াই ৰখাৰ পিছত বাকলিসমূহ নৰম হৈ পৰিব। এইবাৰ হাতেৰে আৰামত গুচাওক বাকলি।