কি পানীৰে স্নান কৰিব লাগে? এই বিবাদ বহুদিনৰ। সম্প্ৰতি হাভাৰ্ড বিশ্ববিদ্যালয়ৰ এটা গৱেষণাই দিছে বিশেষ তথ্য। কি পানীৰে গা ধুৱা উপকাৰী? গৰম পানীৰে নে ঠাণ্ডা পানীৰে? গৱেষণাই কৈছে যে, প্ৰতিদিনে গা ধুলে হাৰ্ট একেট আৰু ষ্ট্ৰোকৰ সম্ভাৱনা কমি যায়। হৃদৰোগত আক্ৰান্ত হৈ মৃত্যুৰ আশংকা বহু পৰিমাণে কমি যায় প্ৰতিদিনে গা ধুলে। বিশেষজ্ঞৰ পৰা প্ৰতিদিনে গৰম পানীৰে গা ধুৱা আটাইতকৈ উপকাৰী। গা ধুৱাৰ ধৰণৰ ওপৰত নিৰ্ভৰ কৰে আপোনাৰ মৃত্যু! বিভিন্ন সময়ত শুনিবলৈ পোৱা যায় যে, স্নান কৰিবলৈ গৈ বহুলোকৰ হাৰ্ট একেট হৈ মৃত্যু হয়। কিন্তু অত্যাধিক গৰম পানীৰে স্নান কৰিলেও শৰীৰত মাৰাত্মক ক্ষতি হব পাৰে। অতিৰিক্ত গৰমৰ প্ৰভাৱত বহু সময়ত হঠাতে মৃত্যু হব পাৰে। ফলত গা ধুৱা পানী সদায় কুহুমীয়া হব লাগে। গৰম দিনত যিহেতু বহুবাৰ গা ধুৱা হয়। তেতিয়া ঠাণ্ডা পানীৰে গা ধুৱাৰ বাহিৰে অন্য উপায় নাথাকে। ঠাণ্ডা পানীৰে গা ধুলেও ভাগৰ কমে। তেজৰ চলাচল ভাল হয়। চাল আৰু চুলিৰ বাবে ভাল। কিন্তু বছৰৰ অন্য সময়ত গৰম পানীৰে গা ধুৱাৰ কথা কৈছে বিশেষজ্ঞই। এনে কৰিলে শৰীৰৰ বিষ কমে, শৰীৰ ভালে থাকে।