ভাৰতীয় মতে ৰাশিফল গণনা কৰা হয় চন্দ্ৰৰ অৱস্থানৰ ওপৰত ভিত্তি কৰি। কিন্তু ইংৰাজী মতে, এইক্ষেত্ৰত প্ৰাধান্য দিয়া হয় সূৰ্যক। সেয়ে ইংৰাজীত ৰাশিক কোৱা হয় ছান ছাইন। মেষ : অতীতৰ কোনো কাৰণত ব্যক্তিগত সম্পৰ্কত ধুমুহা আহিব পাৰে, সতৰ্ক হৈ থাকক। বৃষ : নিজৰ শাৰীৰিক সামৰ্থ্য আৰু মানসিক চাহিদাৰ মাজত ভাৰসাম্য নাৰাখিলে সমস্যা বাঢ়িব। মিথুন : সৃষ্টিশীলতাৰ এটা দিন। আপোনাৰ চিন্তাবোৰক সকলো সীমা অতিক্ৰম কৰিবলৈ দিয়ক। কৰ্কট : দিনটোৰ লক্ষ্য থাকিব পাৰিবাৰিক জীৱনত, পাৰিবাৰিক চাহিদাত ব্যস্ত থাকিব লাগিব। সিংহ : ভাল লগা কোনো কামত আজি বহু দৌৰা–দৌৰি কৰিব লাগিব যদিও সেয়া অনুভৱ নহ’ব। কন্যা : নিজৰ ওপৰত আস্থা ৰাখিব লাগিব, তেতিয়াহে আৰ্থিক সংকটৰ সৈতে মোকাবিলা কৰিব পাৰিব। তুলা : আনৰ কাষত থাকক, ব্যক্তিগত চাহিদাৰ পৰিৱৰ্তন সকলোৰে নজৰত পৰিব। বৃশ্চিক : ভুল বুজাবুজি দূৰ কৰি আগুৱাই যোৱাৰ দিন, গতিকে আত্মবিশ্বাস ৰাখক। ধনু : ভৱিষ্যতৰ লক্ষ্যৰ কথা চিন্তা কৰিব লাগিব, বন্ধুৰ সৈতে সম্পৰ্ক পুনৰ গঢ়ি তোলাৰ দিন। মকৰ : ব্যক্তিগত জীৱন আৰু কৰ্ম জীৱনৰ মাজত ভাৰসাম্য বজাই ৰাখিব লাগিব যিকোনো প্ৰকাৰে। কুম্ভ : যি কামত আপুনি অভ্যস্ত নহয়, তেনে কামতে দিনটো পাৰ হ’ব, ইয়াৰ বাবে সাজু থাকক। মীন : ব্যক্তিগত সম্পৰ্কত পৰিৱৰ্তন আহিব, সেয়া বিশ্লেষণ কৰি চোৱা প্ৰয়োজন। (এই প্ৰতিবেদনৰ তথ্য News18 অসমৰ নিজস্ব মত নহয়, সঠিক ফল পোৱাৰ বাবে বিশেষজ্ঞৰ সৈতে যোগাযোগ কৰক।)