ভাৰতীয় মতে, ৰাশিফল গণনা কৰা হয় চন্দ্ৰৰ অৱস্থানৰ ওপৰত ভিত্তি কৰি। কিন্তু ইংৰাজী মতে এইক্ষেত্ৰত প্ৰাধান্য দিয়া হয় সূৰ্যক। সেয়ে ইংৰাজীত ৰাশিক কোৱা হয় ছান ছাইন। মেষ : ভৱিষ্যতৰ কথা ভাবি পদক্ষেপ লওক, সেইমতে কৰা পৰিকল্পনা ফলপ্ৰসূ হ’ব। বৃষ : কৰ্মক্ষেত্ৰত অসুবিধা দেখা দিলেও নিৰাশ নহ’ব, ইয়াৰ মাজতে লুকাই আছে উন্নতি। মিথুন : চিন্তা–ভাৱনাৰ ধৰণ সলনিৰ প্ৰয়োজন আছে, প্ৰণয়ৰ সম্পৰ্কত সকলো দিব লাগিব পাৰে। কৰ্কট : প্ৰণয়ৰ সম্পৰ্কৰ মনোমালিন্য সমাধানত মন খুলি কথা পাতিব লাগিব। সিংহ : ভৱিষ্যতৰ পদক্ষেপ লোৱাৰ পূৰ্বে সংগীৰ সৈতে সুস্থ আলোচনাৰ প্ৰয়োজন। কন্যা : কামৰ চাপ বাঢ়িব, নিজৰ স্বাস্থ্যৰ যত্ন ল’বলা পাহৰি নাযাব। তুলা : কাৰ সৈতে মিলাপ্ৰীতি কৰিব, সেয়া ঠিক কৰি লওক, অন্যথা সমস্যা বাঢ়িব। বৃশ্চিক : কৰ্মক্ষেত্ৰত পৰিস্থিতি অনুকুল হৈ থাকিব, দীৰ্ঘদিনৰ পৰিশ্ৰমৰ ফল লাভ কৰিব। ধনু : ভৱিষ্যতৰ লক্ষ্যত পৰৱৰ্তী পদক্ষেপৰ বাবে দিনটো সুন্দৰ। মকৰ : কেৰিয়াৰৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল’লেও তাৰ পূৰ্বে ভালকৈ চিন্তা কৰি লোৱা প্ৰয়োজন। কুম্ভ : কৰ্মোদ্যমৰ ফলত উচ্চাকাংক্ষা ফলপ্ৰসূ হ’ব, দিনটো সুন্দৰভাৱে পাৰ হ’ব। মীন : প্ৰতিকূল পৰিস্থিতি বৰ্তমান শেষ হোৱাৰ পথত, লেখা–মেলাৰ কামত সফলতা লাভ কৰিব। (এই প্ৰতিবেদনৰ তথ্য News18 অসমৰ নিজস্ব মত নহয়। সঠিক ফল পোৱাৰ বাবে বিশেষজ্ঞৰ সৈতে যোগাযোগ কৰক।)