ভাৰতীয় মতে ৰাশিফল গণনা কৰা হয় চন্দ্ৰৰ অৱস্থানৰ ওপৰত ভিত্তি কৰি। কিন্তু ইংৰাজী মতে এইক্ষেত্ৰত প্ৰাধান্য দিয়া হয় সূৰ্যক। সেয়ে ৰাশিক ইংৰাজীত কোৱা হয় ছানছাইন। মেছ : কঠিন বুলি ধাৰণা হ’লেও সিদ্ধান্ত ল’ব লাগিব। নিজৰ মনৰ কথা শুনিব লাগিব। বৃষ : আনৰ কথাত বিশ্বাস কৰাৰ প্ৰয়োজন নাই। আত্মবিশ্বাস ৰাখি লক্ষ্যৰ দিশে আগুৱাই যাব লাগিব। মিথুন : যিকোনো প্ৰচেষ্টাৰ ফল লাভ কৰিব। কিন্তু ব্যয়ৰ দিশে নজৰ ৰাখিব লাগিব, কিছু সঞ্চয়ৰ প্ৰয়োজন আছে। কৰ্কট : পৰীক্ষা নিৰীক্ষাৰ পথলৈ নগৈ, প্ৰচলিত পদ্ধতি অনুসৰণ কৰিব পাৰে। নতুন সুযোগ আহিব। সিংহ : কোনো সুসংবাদ আহিব, যিয়ে জীৱন আনন্দৰে ভৰাই তুলিব। পৰিয়াল আৰু বন্ধুৰ সৈতে সময় কটাব পাৰে। কন্যা : সমমনস্ক মানুহৰ সৈতে যোগাযোগ গঢ়ি তোলাৰ চেষ্টা কৰিব লাগিব। মিছা আশা দি যিসকলে প্ৰভাৱিত কৰে তেওঁলোকৰ পৰা দূৰত থাকিব লাগিব। তুলা : ব্যক্তিগত আৰু পেছাগত জীৱনত ভাৰসাম্য ৰাখিবলৈ গ’লে সময়সূচী নিৰ্ধাৰণ কৰি ল’ব লাগিব। বৃশ্চিক : নিজৰ চিত্তাকৰ্ষক ব্যক্তিত্ব সকলোৰে সন্মুখত প্ৰকাশ কৰক। অগ্ৰজসকলৰ পৰামৰ্শ মানি চলিব লাগিব। বাকীসকলৰ কথা নুশুনিলেও চলিব। ধনু : অতিৰিক্ত আত্মবিশ্বাস বা আধিপত্যকামী মনোভাৱ ভাল নহয়। আনৰ ওপৰত নিজৰ মতামত ভৰসা কৰিলে ফল ওলোটা হ’ব পাৰে। মকৰ : সৰু সৰু ভাৱনা–চিন্তাবোৰ একত্ৰ কৰিব লাগিব। ফলত জটিল পৰিস্থিতিৰ পৰা নিস্তাৰ পাব পাৰে। স্বাস্থ্যৰ সমস্যাক অৱহেলা নকৰিব। কুম্ভ : অপ্ৰত্যাশিতভাৱে কামৰ চাপ বাঢ়িব পাৰে। কিন্তু চিন্তাৰ একো নাই। সকলো মৃনভাৱে কাম হ’ব। মীন : ৰৈ থকা সকলো কাম শেষ কৰক। এই কামৰ বাবে প্ৰশংসাও পাব পাৰে।