ভাৰতীয় মতে ৰাশিফল গণনা কৰা হয় চন্দ্ৰৰ অৱস্থানৰ ওপৰত ভিত্তি কৰি। কিন্তু ইংৰাজীত এইক্ষেত্ৰত প্ৰাধান্য দিয়া হয় সূৰ্যক। সেয়ে ইংৰাজীত ৰাশিক কোৱা হয় ছান ছাইন। মেষ : অসমাপ্ত কাম সময়মতে শেষ কৰি পেলোৱাৰ সুযোগ পাব। আন সমস্যাৰ সমাধানো লাভ কৰিব। বৃষ : অপৰিচিত কোনো ব্যক্তিৰ প্ৰভাৱত নিজৰ দৃষ্টিভংগীৰ পৰিৱৰ্তন ঘটিব পাৰে। ইয়াৰ ফলত গুৰুত্বপূৰ্ণ কোনো সমস্যাৰ মোকাবিলা কৰিব পাৰিব। মিথুন : ঘৰ আৰু কৰ্মক্ষেত্ৰত সকলো কাম যথাযথভাৱে সমাপন হ’ব। কিন্তু কাৰো ওচৰত কোনো ব্যক্তিগত তথ্য প্ৰকাশ নকৰাই ভাল। কৰ্কট : নিজৰ কামৰ প্ৰশংসা লাভ কৰিব। সততাৰ মূল্য দিব সকলোৱে। কোনো সিদ্ধান্ত লোৱাৰ পূৰ্বে সকলো দিশ ভালদৰে চাই লওক। সিংহ : দৃঢ়তা বৰ্তাই ৰাখিব লাগিব। কোনো পাৰ্থিব বস্তুৰ প্ৰতি খুব বেছি মোহগ্ৰস্ত হৈ পৰাতো সঠিক নহয়। বাসস্থান পৰিৱৰ্তন হ’ব পাৰে। কন্যা : আৰ্থিক জীৱনত পৰিৱৰ্তন আহিব পাৰে। নিজৰ মনৰ কথা শুনি চলা দৰকাৰ। সুযোগৰ সদ্ব্যৱহাৰ কৰিব লাগিব। তুলা : চূড়ান্ত ব্যস্ততাৰ পিছত সামান্য বিশ্ৰাম লোৱাৰ সময় আহিছে। কাম শেষ কৰাৰ বাবে খৰখেদা কৰাৰ প্ৰয়োজন নাই। প্ৰচেষ্টাৰ ফল উপভোগ কৰিব পাৰিব। বৃশ্চিক : নিজৰ প্ৰতিভাৰ প্ৰকাশ ঘটাব লাগিব। আক্ৰমণাত্মক মনোভাৱে আনক অবাক কৰিব পাৰে। ভাৰসাম্য বজাই ৰাখিব লাগিব। ধনু : বিগত কিছুদিনৰ অস্থিৰতা দূৰ কৰি কোনো সমস্যাৰ সমাধান কৰিব লাগিব। এয়াই শ্ৰেষ্ঠ সময়। মকৰ : ব্যস্ততা বৰ্তি থাকিব। ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে। ঘৰ সংস্কাৰ বা পৰিৱৰ্তনৰ সম্ভাৱনা আছে। কুম্ভ : ব্যৱহাৰত নম্ৰতা প্ৰয়োজন। আনৰ সমালোচনাৰ সলনি আত্মবিশ্লেষণ কৰা প্ৰয়োজন। মীন : নিজৰ কল্পনাক বিয়পি পৰিবলৈ দিব লাগিব। আনকি সেয়া বাস্তবায়িত কৰাৰ সুযোগো পাব পাৰে। কিন্তু এতিয়াই কোনো ডাঙৰ সিদ্ধান্ত লোৱা উচিত নহয়।