ভাৰতীয় মতে ৰাশিফল গণনা কৰা হয় চন্দ্ৰৰ অৱস্থানৰ ওপৰত ভিত্তি কৰি। কিন্তু ইংৰাজী মতে, এইক্ষেত্ৰত প্ৰাধান্য দিয়া হয় সূৰ্যক। সেয়ে ইংৰাজীত ৰাশিক কোৱা হয় ছান ছাইন। মেষ : প্ৰলোভনত ভৰি নিদিব। পৰিস্থিতি এনে হ’ব পাৰে য’ত আবেগৰ বশৱৰ্তী হৈ কামত ভুল হ’ব পাৰে। বৃষ : মনত অসন্তোষৰ ভাৱ সৃষ্টি হ’ব পাৰে। নিজৰ লক্ষ্য পূৰণৰ দিশত নজৰ ৰাখিব লাগিব। মিথুন : পাৰিবাৰিক দায়বদ্ধতা থাকিব। সেয়া দক্ষতাৰ সৈতে পালন কৰিব পাৰিব। দৃঢ়তা বজাই ৰাখিব লাগিব। কৰ্কট : নানা দিশৰ পৰা নানা ধৰণৰ সুযোগ আহিব পাৰে। সকলোৰে সদ্ব্যৱহাৰ কৰিব লাগিব। সিংহ : বিশৃংখল বা বিভ্ৰান্তিৰ মাজেৰে সময় পাৰ হ’ব পাৰে। কিন্তু বহু সুযোগ আহিব, লগতে পৰিৱৰ্তনো। কন্যা : কৰ্মক্ষেত্ৰত কোনো সমস্যাৰ সমাধান কৰিব পাৰিব নিজৰ প্ৰতিভাৰ বলত। যিকোনো মানুহে সহায় কৰিব বিচাৰিব। তুলা : কোনো সুখবৰ আহিব পাৰে, বিশেষকৈ পৰিয়াল সংক্ৰান্তীয়। বাসস্থান পৰিৱৰ্তনৰ সম্ভাৱনা আছে। বৃশ্চিক : মানৱৰ হিতৰ বাবে নিজৰ সময়, স্থান, অৰ্থ আনকি খাদ্য পৰ্যন্ত উছৰ্গা কৰিব পাৰে। ইয়াৰ ফলত সন্মান বাঢ়িব। ধনু : সম্পৰ্কত জটিলতা বা ভুল বুজাবুজিৰ সৃষ্টি হ’ব পাৰে। কিন্তু চিন্তাৰ কাৰণ নাই। বৰং জীৱনৰ আনন্দ উপভোগ কৰিব পাৰিব। মকৰ : নিজৰ পৰামৰ্শ আনে প্ৰত্যাখ্যান কৰা দেখি হতাশ হ’ব পাৰে। কিন্তু তাৰ পৰা বাহিৰ ওলাব লাগিব। কুম্ভ : কামৰ বাবে তাগিদা অনুভৱ কৰিব পাৰে। দৃঢ় সিদ্ধান্ত গ্ৰহণ কৰিব। পুৰণি ঋণ পৰিশোধ কৰিব পাৰিব। মীন : আনন্দত উটি যোৱাৰ পূৰ্বে নিজৰ কাম সমাপ্ত কৰক। পৰিয়ালৰ সকলোৰে সৈতে তাল মিলাই চলিব লাগিব।