ভাৰতীয় মতে ৰাশিফল গণনা কৰা হয় চন্দ্ৰৰ অৱস্থানৰ ওপৰত ভিত্তি কৰি। কিন্তু ইংৰাজী মতে, এইক্ষেত্ৰত প্ৰাধান্য দিয়া হয় সূৰ্যক। সেইবাবে ইংৰাজীত ৰাশিক কোৱা হয় ছান ছাইন। মেষ : ঘনিষ্ঠ বন্ধুৰ গোপন কথা জানিব পাৰে। সহানুভূতিৰ সৈতে তেওঁক পৰামৰ্শ দিয়ক। বৃষ : কাম পেলাই ৰখা ঠিক হোৱা নাই। নিজৰ প্ৰতিশ্ৰুতি পূৰণৰ এয়াই শ্ৰেষ্ঠ সময়। মিথুন : এয়াই পৰিয়ালৰ সৈতে থকাৰ উপযুক্ত সময়। কামৰ চাপ বাঢ়িব পাৰে। কৰ্কট : নিজৰ ব্যক্তিত্বৰ দ্বাৰা আনক আকৃষ্ট কৰা সম্ভৱ হ’ব। জনপ্ৰিয়তা বাঢ়িব। কিন্তু অহংকাৰক প্ৰশ্ৰয় নিদিব। সিংহ : একঘেয়ামী বৰ্জন কৰি নমনীয় মনোভাৱ বজাই ৰাখিব লাগিব। নহ’লে পৰিয়াল আৰু কৰ্মক্ষেত্ৰত উত্তেজনাৰ সৃষ্টি হ’ব পাৰে। কন্যা : নিজৰ পৰিকল্পনা বাস্তবায়িত কৰাৰ আধৰ্শ সময়। সামাজিক যোগাযোগ গঢ়ি তুলিব লাগিব। কিন্তু পৰনিন্দা এৰাই চলা ভাল। তুলা : পৰিশ্ৰমৰ ফল নিজৰ কামৰ মাজেৰে প্ৰতিফলিত হ’ব। সৃজনশীলতাৰ প্ৰশংসা লাভ কৰা সম্ভৱ হ’ব। বৃশ্চিক : কামৰ চাপত নিজৰ যত্ন ল’বলৈ নাপাহৰিব। ঠাণ্ডা লগাৰ ফলত সমস্যা হ’ব পাৰে। ডাঙৰ বিনিয়োগ নকৰাই ভাল। ধনু : সংবেদনশীল মানুহৰ সৈতে কথা পতাৰ সময়ত সতৰ্ক হৈ থাকক। এয়া সিদ্ধান্ত লোৱাৰ সময়। পৰিস্থিতি অস্বস্তিকৰ হ’ব পাৰে। মকৰ : পুৰণি বন্ধুৰ সৈতে দেখা হ’ব পাৰে। কাৰো ব্যৱহাৰত আঘাত পাব পাৰে। কথা কোৱাৰ সময়ত সতৰ্ক হৈ থাকিব লাগিব। কুম্ভ : আনন্দৰ সময়, কিন্তু সৰু–সুৰা কোনো বিষয়ত সমস্যাৰ সৃষ্টি হ’ব পাৰে। ঘৰত আৰু কৰ্মক্ষেত্ৰত শান্তি বিঘ্নিত হ’ব পাৰে। মীন : সুযোগ এৰি নিদিব। উন্নতিৰ সম্ভাৱনা আছে। সৰু–সুৰা দুৰ্ঘটনাৰ আশংকা, সতৰ্ক থাকিব লাগিব।