ভাৰতীয় মতে ৰাশিফল গণনা কৰা হয় চন্দ্ৰৰ অৱস্থানৰ ওপৰত ভিত্তি কৰি। কিন্তু ইংৰাজী মতে এইক্ষেত্ৰত প্ৰাধান্য দিয়া হয় সূৰ্যক। সেয়ে ইংৰাজীত ৰাশিক কোৱা হয় ছান ছাইন। মেষ : অতিৰিক্ত আবেগপ্ৰৱণতাৰ বাবে সৰু সৰু বিষয়তে বিষণ্ণতাৰ সৃষ্টি হ’ব পাৰে। বৃষ : নতুন কোনো প্ৰকল্প সম্পৰ্কে সিদ্ধান্ত লোৱাৰ সময় এয়া। যিকোনো সিদ্ধান্তত সফলতা আহিব। মিথুন : অভিজ্ঞতাৰ পৰা শিক্ষা লৈ কাম কৰিব লাগিব। অসহায় মানুহক সহায় কৰক। কৰ্কট : নিজৰ আশাবাদ আনৰ মাজত বিলাই দিব লাগিব। কাংক্ষিত খ্যাতি লাভ কৰিব পাৰে। সম্পৰ্কৰ ক্ষেত্ৰত উন্নতিৰ দিন। সিংহ : কোনো বিশেষ মানুহৰ সৈতে সাক্ষাৎ হ’ব পাৰে। প্ৰাণৱন্তভাৱেই সময় পাৰ হ’ব। ভ্ৰমণৰ পৰিকল্পনা সফল হ’ব পাৰে। কন্যা : ভাগ্য সুপ্ৰসন্ন। সামান্য পৰিশ্ৰম কৰিলেই সফলতা আহিব। এনে লক্ষ্যত উপনীত হোৱা সম্ভৱ যিটো স্বপ্নাতীত। তুলা : নতুন শক্তিৰে কাম আৰম্ভ কৰক। অনায়াসে পৰিয়াল আৰু কৰ্মজীৱনৰ মাজত ভাৰসাম্য ৰখা সম্ভৱ হ’ব। বৃশ্চিক : নিজৰ মনৰ কথা শুনি চলাই ভাল। নিজৰ ভিতৰত লুকাই থকা সম্ভাৱনাৰ অনুসন্ধান কৰিব লাগিব। ধনু : নতুনকৈ কাম আৰম্ভ কৰাৰ আদৰ্শ সময়। নতুন কোনো সুযোগে জীৱনৰ গতিপথ সলনি কৰি দিব পাৰে। মকৰ : বিগত কিছুদিনৰ ব্যস্ততা হ্ৰাস পাব। কিন্তু শৃংখলাৰ অভাৱ হ’লে আগন্তুক দিনত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰলৈ গুচি যাব পাৰে। কুম্ভ : আনৰ কথাত কাণ নিদি নিজৰ সৃজনশীল মনোভাৱ লৈ আগুৱাই যাব লাগিব। নিজৰ যত্ন লোৱা প্ৰয়োজন। মীন : কাম কৰাৰ সময় বা ঘূৰা–ফুৰাৰ সময়ত সতৰ্ক থাকিব লাগিব। সামান্য আঘাতৰ আশংকা আছে। নিজৰ বিনোদনৰ কথাও ভাবিব লাগিব।