ভাৰতীয় মতে ৰাশিফল গণনা কৰা হয় চন্দ্ৰৰ অৱস্থানৰ ওপৰত ভিত্তি কৰি। কিন্তু ইংৰাজী মতে প্ৰাধান্য দিয়া হয় সূৰ্যক। সেয়ে ইংৰাজীত ৰাশিক কোৱা হয় ছান ছাইন। এইক্ষেত্ৰত জন্মদিন অনুসৰি বুজা যায় এজন ব্যক্তি কোন ৰাশিৰ জাতক বা জাতিকা।
জন্মদিন অনুসৰি চাওক আজিৰ দিনটো কোন ৰাশিৰ কেনে যাব! মেষ : মাৰ্চ ২১ৰ পৰা এপ্ৰিল ১৯লৈ। পছন্দ নোহোৱা কাম আপুনি কৰিব নিবিচাৰে। কিন্তু আজি কৰিব লাগিব। দিনটো কষ্টৰ মাজেৰে পাৰ হ’ব। যিমান পৰিশ্ৰম কৰিব, সিমানেই লাভ হ’ব।
বৃষ : এপ্ৰিল ২০ৰ পৰা মে’ ২০লৈ। আজিৰ দিনটো উজ্জ্বল ভৱিষ্যতৰ পৰিকল্পনাত পাৰ হ’ব। এসময়ত সহায় কৰা বন্ধুৱে আজি উপকাৰ কৰিব পাৰে।
মিথুন : মে’ ২১ৰ পৰা জুন ২০লৈ। সঞ্চয় আৰু ব্যয়ৰ মাজত ভাৰসাম্য ৰখা আজি কঠিন হ’ব। কিন্তু দুশ্চিন্তা নকৰিব, আৰ্থিক উন্নতিৰ সম্ভাৱনা আহিব!
কৰ্কট : জুন ২১ৰ পৰা জুলাই ২২লৈ। প্ৰেমৰ সম্পৰ্ক আৰু এঢাপ আগুৱাব। মনৰ মানুহৰ পৰা উপহাৰ পোৱাৰ সম্ভাৱনা আছে।
সিংহ : জুলাই ২৩ৰ পৰা আগষ্ট ২২লৈ। হঠকাৰী কোনো সিদ্ধান্তই ভৱিষ্যতে ক্ষতি কৰিব পাৰে! সেয়ে যি কৰে ভালকৈ ভাৱি চিন্তি কৰিব!
কন্যা : আগষ্ট ২৩ৰ পৰা ছেপ্টেম্বৰ ২২লৈ। অতীতৰ কোনো কামৰ সফলতাই আজি আপোনাৰ মন ভাল কৰিব। কিন্তু হাতত থকা কামৰ চাপত দিনটো আহৰিব নাপাব পাৰে!
তুলা : ছেপ্টেম্বৰ ২৩ৰ পৰা অক্টোবৰ ২২লৈ। আজি সকলো দিশৰ পৰাই আনে আপোনাৰ প্ৰতিভাৰ প্ৰশংসাত পঞ্চমুখ হ’ব, যিয়ে পাৰিবাৰিক আৰু কৰ্মক্ষেত্ৰত আনন্দ লৈ আহিব, নিজৰ উন্নতিত সহায়ক হ’ব।
বৃশ্চিক : অক্টোবৰ ২৩ৰ পৰা নৱেম্বৰ ২১লৈ। অদম্য কৰ্মদক্ষতাই আজি আপোনাক ঘেৰি থাকিব, হাতৰ কাম খুব দ্ৰুতগতিত সম্পন্ন হ’ব। আপোনাৰ এই উদ্যম আনৰ প্ৰেৰণা আৰু আপোনাৰ ভৱিষ্যতৰ অগ্ৰগতিত সহায় কৰিব।
ধনু : নৱেম্বৰ ২২ৰ পৰা ডিচেম্বৰ ২১লৈ। আজি পাৰ্থিৱ বিষয়ৰ পৰা দূৰত ৰাখিবলৈ মনে বিচাৰিব। কিন্তু যিয়ে আপোনাক ভাল পায়, তেওঁলোকৰ কাষত থাকিবলৈ নাপাহৰিব।
মকৰ : ডিচেম্বৰ ২২ৰ পৰা জানুৱাৰী ১৯লৈ। কিছুদিন ধৰি আপোনাৰ মন কেৱল কামত নিবদ্ধ আছে। সংগীৰ সৈতে অৱহেলিত বোধ কৰিছে। সেয়ে অন্তত সন্ধিয়াটো তেওঁৰ সৈতে কটাবলৈ নাপাহৰিব, আপোনাৰো বিশ্ৰামৰ প্ৰয়োজন আছে।
কুম্ভ : জানুৱাৰী ২০ৰ পৰা ফেব্ৰুৱাৰী ১৮লৈ। আজিৰ দিনটো নানা সমস্যাই আগুৰি ধৰিব পাৰে। আপোনাৰ হাঁহি–আনন্দৰ স্বভাৱে সকলো প্ৰতিবন্ধকতা জয় কৰি পথ পৰিষ্কাৰ কৰিব।
মীন : ফেব্ৰুৱাৰী ১৯ৰ পৰা মাৰ্চ ২০লৈ। যাৱতীয় দ্বিধাৰ পৰা আজি মুক্তিৰ দিন! যি সিদ্ধান্ত লৈছে, সেয়া স্পষ্টভাৱে ক’বলৈ সংকোচবোধ নকৰিব। লগতে নম্ৰ ব্যৱহাৰ প্ৰয়োজনীয়।
দুটা ইংৰাজী ফুটবল ক্লাব লিভাৰপুল আৰু টটেনহম হটছপুৰৰ মাজত অনুষ্ঠিত হোৱা ইউৰোপীয় চেম্পিয়নছ লীগ ফাইনেলত আজৱ ঘটনা সংঘটিত হ’ল। যাৰ বাবে আধাতে সামৰিব লগা হ’ল খেল।
কিংছে ব’লানস্কী নামৰ এগৰাকী মডেলে প্ৰেমিক বিটালীৰ প’ৰ্ণ ছাইটক প্ৰম’ট কৰিবলৈ এনেদৰে প্ৰৱেশ কৰিছিল খেলৰ মাজতে। মডেলগৰাকীয়ে প্ৰেমিকৰ ৱেব ছাইটৰ নাম লিখি ৰাখিছিল ছুইমছুটৰ পাছফালে।
ব’লানস্কীয়ে খেলপথাৰত প্ৰৱেশ কৰা নিজৰ ভিডিঅ’ নিজেই ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰিলে। এই পোষ্টৰ পিছতে মডেলগৰাকীৰ ফল’ৱাৰ বাঢ়ি গৈ আছিল।
ওড়িশাৰ বালাচোৰৰ পৰা লোকসভালৈ নিৰ্বাচিত হৈছে বিজেপিৰ প্ৰতাপ চন্দ্ৰ সাৰংগী। তেওঁ বিজেডিৰ প্ৰতিদ্বন্দ্বী ৰবীন্দ্ৰ কুমাৰ জেনাক ১২,৯৫৬ ভোটত পৰাস্ত কৰিছে। উল্লেখযোগ্য যে ২০১৪চনত তেওঁ লোকসভাত যুঁজি পৰাস্ত হৈছিল।
ছচিয়েল মিডিয়াত এইকেইদিন কেৱল প্ৰতাপ চন্দ্ৰ সাৰংগীৰে চৰ্চা। মানুহে তেওঁক ওড়িশাৰ মোদী আখ্যা দিছে। অবিবাহিত এইগৰাকী ব্যক্তি এটা জুপুৰীত বাস কৰে। আৰ্থিক দৈন্যৰ সৈতে যুঁজিও তেওঁ দীঘলীয়া সময় সমাজসেৱাত সক্ৰিয়ভাৱে জৰিত হৈ আছে।
বালাসোৰৰ গোপীনাথপুৰৰ এটা দৰিদ্ৰ পৰিয়ালত তেওঁৰ জন্ম। উৎকল বিশ্ববিদ্যালয়ৰ ফকীৰ কলেজৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰিছে। মানুহে কয় সৰুৰে পৰা আধ্যাত্মিকতাৰ সৈতে নিকট সম্পৰ্ক নৱ নিৰ্বাচিত সাংসদগৰাকীৰ।
এসময়ত ৰামকৃষ্ণ মঠত সাধু হোৱাৰ বাসনা আছিল ব্যক্তিগৰাকীৰ। কেইবাবাৰো তেওঁ মঠলৈ অহা যোৱাও কৰিছিল। কিন্তু যেতিয়া মঠৰ মানুহে গম পালে যে তেওঁৰ পিতৃ নাই আৰু মাতৃ অকলশৰীয়া মঠৰ মানুহে তেওঁক মাতৃৰ সেৱা কৰিবলৈ আহ্বান জনায়।
তেওঁ বালাসোৰ আৰু ময়ুৰভঞ্জ জিলাৰ আদিবাসী এলেকাত কেইবাখনো বিদ্যালয় নিৰ্মাণ কৰিছে। তেওঁ চাইকেলেৰে অহা যোৱা কৰে।
মানুহে কোৱা মতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰো প্ৰিয়পাত্ৰ এইগৰাকী ব্যক্তি। যেতিয়াই নৰেন্দ্ৰ মোদী ওড়িশালৈ যায় তেতিয়াই তেওঁক সাক্ষাৎ কৰে মোদীয়ে।
মুম্বাইৰ এখন ব্যক্তিগত চিকিৎসালয়ত দীৰ্ঘদিন ধৰি চিকিৎসাধীন হৈ আছিল বীৰু দেৱগন।সোমবাৰে শেষ নিশ্বাস ত্যাগ কৰাৰ পিছত, বীৰু দেৱগনক অন্তিম দৰ্শনৰ বাবে অজয়ৰ ঘৰত উপস্থিত হয় বলিউডৰ বহুকেইগৰাকী অভিনেতা অভিনেত্ৰী।
মৃত্যুৰ বাতৰি পোৱাৰ পিছতেই অজয় দেৱগনৰ ঘৰত উপস্থিত হয় অভিনেতাৰ পৰা নেতা হোৱা,পঞ্জাবৰ গুৰদাসপুৰ সমষ্টি সাংসদ ছানী দেউল আৰু অভিনেতা ববী দেউল।