ঘৰ বা ফ্লেটত সৰু বাৰান্দা এখন কোনেনো নিবিচাৰে? আৰু যদি ইয়াক সুগন্ধি ফুলেৰে সজোৱা হয়, তেন্তে আৰু কোনো কথাই নাই। আপুনি আপোনাৰ প্ৰিয় বাৰান্দাখন কোনবোৰ ফুলেৰে সজাব পাৰে জানি লওক... Plumeria বা চম্পা ফুল অতি শুৱনি আৰু মনপৰশা ফল। সুগন্ধি এই ফুল গ্রীষ্ম কালত ফুলে। আপুনি আপোনাৰ বেলকনিত সহজে এই ফুল লগাব পাৰে। জেচমিন বা শেৱালী ফুল অতি সুগন্ধি। এই ফুলবোৰ ব্যয়বহুল ব্ৰেণ্ডৰ সুগন্ধি তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰা হয়। আপুনি বাৰান্দাখন জেচমিন ফুলেৰে সজাব পাৰে, ঘৰটোত সুগন্ধি বিয়পি থাকিব। আপুনি আপোনাৰ বাৰান্দাখন বগা গোলাপেৰে সজাব পাৰে। গ্ৰীষ্মকালত, গাৰ্ডেনিয়া বা গান্ধৰাজ গছত ফুল ফুলে। গাৰ্ডেনিয়াৰ গোন্ধ অতি চিত্তাকৰ্ষক। সুগন্ধি ফুলৰ এটা অন্যতম হৈছে গোলাপ। আপুনি আপোনাৰ বাৰান্দাখন বিভিন্ন প্ৰজাতিৰ গোলাপেৰে সজাব পাৰে। ৰজনিগন্ধা ফুল ৰাতি ফুলে আৰু ইয়াৰ গোন্ধ ৰাতি বেছিকৈ আহে। বাৰান্দাৰ পৰা অহা ফুলৰ মিঠা গোন্ধই আপোনাৰ ৰাতিটো মধুৰ কৰি ৰাখিব পাৰে।