চুলিত ৰং লগাৰ পৰা ৰক্ষা কৰাৰ উপায় – ৰঙৰ সৈতে খেলিবলৈ যোৱাৰ পূৰ্বে চুলিত কেষ্টৰ অইল বা অলিভ অইল লগাওক। তেলে চুলিৰ ওপৰত এক ৰক্ষাকাৰী স্তৰ তৈয়াৰ কৰিব। তেল থাকিলে চুলি ধোৱাৰ সময়ত সহজতে ৰং উঠি যাব। যদি আপোনাৰ অলিভ অইল বা কেষ্টৰ অইল নাথাকে তেন্তে বিকল্প হিচাপে নাৰিকল তেল বা বাদাম তেল ব্যৱহাৰ কৰিব পাৰে। আগদিনা নিশা তেল মাছাজ কৰিলে ভাল, কাৰণ এয়া আপোনাৰ মূৰৰ ছালক ৰক্ষা কৰাটো সহায় কৰে।