মালদ্বীপলৈ হানিমুনৰ বাবে গৈছে দস্য বিবাহিত বলীউদৰ অভিনেত্ৰী দিয়া মিৰ্জা। কিন্তু লগত কেৱল স্বামী নহয়। হানিমুনলৈ লগত লৈ গ'ল স্বামীৰ পূৰ্বৰ পত্নীৰ কন্যাকো। প্ৰথম খন সংসাদৰ ভঙাৰ দুবছৰৰ পিছত পুনৰ বিবাহ পাশত আবদ্ধ হৈছিল দিয়া মিৰ্জা। কোৰোণা পৰিস্থিতিৰ বাবে একেবাৰে সাধাৰণ ভাবে বিবাহৰ আয়োজন কৰা হৈছিল। দৰাৰ নাম বৈভৱ ৰেখী। বৈভৱৰো এয়া দ্বিতীয় বিবাহ। সম্প্ৰতি জনপ্ৰিয় হলি দ্যে ডেষ্টিনেশ্যন মালদ্বীপলৈ গৈছে তেওঁলোক। লগত চামাইৰা। মুম্বাইৰ ব্যৱসয়ী বৈভৱ ৰেখীৰ সৈতে প্ৰেমৰ সম্পৰ্কৰ অন্তত বিবাহ পাশত আবদ্ধ হৈছিল দুয়ো। দিয়া-বৈভৱৰ বিয়া যোৱা ১৫ ফেব্ৰুৱাৰীত সম্পন্ন হয়। দিয়া মিৰ্জাই ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে মালদ্বীপৰ বহু আকৰ্ষণীয় ফটো। ৩৯ বছৰ বয়সতো বিয়া মিৰ্জাৰ সৌন্দৰ্যই আকৰ্ষিত কৰে বহুতকে। ২০১৪ চনত চাহিলৰ সৈতে বিয়া হৈছিল দিয়াৰ। কিন্তু ২০১৯ত ভাঙি যায় তেওঁলোকৰ সম্পৰ্ক। কিন্তু পিছত বৈভৱৰ সৈতে নতুনকৈ সম্পৰ্ক গঢ়ি উঠে দিয়াৰ।