সুস্থ থাকিবলৈ শাৰীৰিক কচৰতৰ কোনো বিকল্প নাই। কঠোৰ পৰিশ্ৰমত ঘাম বাহিৰ হ’লে শৰীৰৰ পৰা ওলাই যায় টক্সিন। কিন্তু শাৰীৰিক কচৰতৰ আগে পিছে কিছু নিয়ম পালন নকৰিলে ছালৰ একাধিক সমস্যাই দেখা দিব পাৰে। যিসকলে নিয়মিত এক্সেৰছাইজ কৰে তেওঁলোকৰ বহুতেই ব্ৰণসহ বিভিন্ন সমস্যাৰ সন্মুখীন হয়। ঘৰ বা জিম, য’তেই শাৰীৰিক কচৰৎ কৰিব, আৰম্ভ কৰাৰ পূৰ্বে মুখ ভালকৈ পৰিষ্কাৰ কৰি লওক। তাৰ পিছত আপোনাৰ ছাল অনুসৰি মইশ্বৰাইজাৰ লগাওক। ইয়াৰ উদ্দেশ্য, ছাল যাতে হাইড্ৰেটেড থাকে। আপোনাৰ ছালে যাতে সকাহ পায় তেনে ধৰণৰ পোছাক পিন্ধি এক্সেৰছাইজ কৰক। অন্যথা ঘাম জমা হৈ মুখৰ লগতে শৰীৰৰ অন্যান্য তৈলগ্ৰন্থীৰ চাৰিওফালে ব্ৰণ হ’ব পাৰে। ব্যায়াম কৰাৰ সময়ত হাতৰ কাষতে ৰাখক এখন টাৱেল। বাৰে বাৰে মচি লওক ঘাম। নহ’লে ঘাম জমা হৈ সংক্ৰমণৰ আশংকা থাকে। পৰিষ্কাৰ টাৱেলৰ বাদে আপোনাৰ নিজৰ হাত বাৰে বাৰে মুখত নলগাব। সেয়া কৰিলে মুখত আৰু বেছি বীজাণু লাগি যোৱাৰ সম্ভাৱনা থাকে। চুলি দীঘল থাকিলে বান্ধি লওক এক্সেৰছাইজৰ সময়ত। অন্যথা চুলি বাৰে বাৰে চকু–মুখত পৰিলে মনোযোগ ভংগ হ’ব পাৰে। এক্সেৰছাইজৰ পিছত ভালকৈ গা ধুই লওক। সেয়া সম্ভৱ নহ’লে শৰীৰৰ বিভিন্ন অংশৰ ঘাম শুকানকৈ মচি পেলাওক।