বহু লোকে অকাৰণতে প্ৰায়ে পেটৰ ৰোগত ভোগে। তেওঁলোকেএইক্ষেত্ৰত গুৰুত্ব দিব লাগিব তেওঁলোকৰ খাদ্যত। কি কি খাদ্য এৰি চলিব লাগিব তেওঁলোকে, চাও আহক।
সামুদ্ৰিক খাদ্য আৰু কম সিজোৱা মাংস বহুতৰে প্ৰিয়। হজমশক্তি যিসকলৰ দুৰ্বল তেওঁলোকে এই খাদ্যৰ পৰা দূৰত থকাই ভাল।
বজাৰৰ পৰা কিনা ফল আৰু শাক–পাচলি ভালকৈ ধুই খাব। কীটনাশক আৰু সাৰৰ উপস্থিতিও আপোনাৰ হজমৰ গণ্ডগোলৰ কাৰণ হ’ব পাৰে।
কমাই দিয়ক চাহ আৰু কফি খোৱাৰ পৰিমাণ। অতিৰিক্ত কেফেইনে হজম প্ৰক্ৰিয়া ব্যাহত কৰে। পুৱা–গধূলিৰ বাদে দিনটোৰ আন সময়ত অতিৰিক্ত চাহ বা কফি খোৱাৰ অভ্যাস এৰিব লাগিব হজম শক্তি ভালে ৰখাৰ বাবে।