গৱেষক এছলে ক্লিফটে কয়, আমাৰ গৱেষণাৰ ফলাফলত স্পষ্ট দেখুওৱা হৈছে যে ধূমপানৰ সৈতে কোৰোণাৰ সম্পৰ্ক অতি নিবিড়। ধূম্ৰপায়ীসকলৰ ক্ষেত্ৰত কোৰোণাৰ সম্ভাৱনীয়তা বহু পৰিমাণে বৃদ্ধি পায়। কেঞ্চাৰ বা হাওঁফাওঁৰ আন ৰোগৰ ক্ষেত্ৰত যিদৰে ধূমপানে ট্ৰিগাৰৰ কাম কৰে, এইক্ষেত্ৰতো একেই। অক্সফ’ৰ্ডৰ গৱেষক ক্লিফটে কৈছে যে এয়া ধূমপান এৰাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ সময়।