মইন আলীৰ ফ্লাইটেড বল আৰু লং অনৰ ওপৰেৰে ৰোহিত শৰ্মাৰ ( Rohit Sharma Century) সুন্দৰ ছয়। ৰোহিত শৰ্মাই এনেদৰে অ'ভেল টেষ্টত (India vs England 4th Test) শতক সম্পূৰ্ণ কৰে। ৰোহিত শৰ্মাৰ বেটেৰে ওলোৱা এই শতকে তেওঁৰ সমালোচকসকলৰ মুখ একপ্ৰকাৰ বন্ধ কৰি দিলে। যিসকলে ৰোহিত শৰ্মাৰ সামৰ্থৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিছিল ওভেলত এটা শতকেৰে ৰোহিতে দেখুৱাই দিলে যে পৃথিৱীৰ যি কোনো পিটছ বা যি কোনো শক্তিশালী বলিং আক্ৰমণৰ বিৰুদ্ধে ৰাণ সংগ্ৰহ কৰাৰ দম তেওঁৰ আছে । ৰোহিত শৰ্মাই তেওঁৰ টেষ্ট কেৰিয়াৰৰ অষ্টমটো শতক আৰু বিদেশত প্ৰথমটো শতক ২০৪টা বলত সম্পূৰ্ণ কৰিছিল। ৰোহিত শৰ্মাই শতক অৰ্জন কৰাৰ লগে লগে ৰাহুল দ্ৰাবিড়ৰ দৰে এজন কিংবদন্তীক অতিক্ৰম কৰিছিল আৰু ভিভিয়ান ৰিচাৰ্ডছৰ সমকক্ষ হৈছিল। কেৱল সেয়াই নহয়, ৰোহিত শৰ্মা এতিয়া ব্ৰেডমেনৰ এক বিশেষ অভিলেখৰ পৰা মাত্ৰ দুইখোজ দূৰত আছে। ৰোহিত শৰ্মাই তেওঁৰ শতকীয় ইনিংছৰ সময়ত কি কি মাইলৰ খুঁটি অৰ্জন কৰিছিল জানোঁ আহক। (এপি)