কোৱা হয় যে কোনো ডাঙৰ বেমাৰ হৈ যোৱাৰ পিছত মানুহৰ শৰীৰত তাৰ চিহ্ন ৰাখি যায়। কোৰোণা ভাইৰাছো তাৰ ব্যতিক্ৰম নহয়। যি ভাইৰাছে সমগ্ৰ বিশ্বকে ত্ৰাসিত কৰিছে, সেই ভাইৰাছত আক্ৰান্ত হোৱাটো মুখৰ কথা জানো? দেখা গৈছে যে কোৰোণাই শৰীৰৰ যিমান ক্ষতি কৰিছে, কোৰোণাৰ পিছৰ উপসৰ্গই তাতকৈ অধিক ক্ষতি কৰিছে।