ভিনেগাৰ ব্যৱহাৰ কৰক : ভিনেগাৰ ঘৰৰ বহুতো কামত ব্যৱহাৰ কৰা হয়। সেই ভিনেগাৰকে আপুনি Home made Floor Cleaner হিচাপে ব্য়ৱহাৰ কৰিব পাৰে। সেয়া কৰিবলৈ এটা বাচনত এটা নেমুৰ ৰস আৰু চাৰি চামুচ ভিনেগাৰ দিয়ক,ইয়াৰ পাছত তাতে অলপ গৰম পানী মিহলাই লওক। তাৰ পাছত এই ঘৰতে বনোৱা Floor Cleanerৰে নিজৰ ঘৰৰ Floor চাফা কৰক, দেখিব আপোনাৰ ফ্ল'ৰ চিকচিকীয়া হৈ পৰিছে।
নেমু ৰস আৰু বেকিং চ'ডা : প্ৰায়েই পাকঘৰৰ টাইলছত বিভিন্ন বস্তু পৰি বহুত লেতেৰা হয়। পিছে আপুনি মিনিটতে আৰু বৰ সহজতে এইবোৰ চাফা কৰিব পাৰে। ইয়াৰ বাবে নেমুৰ ৰস আৰু বেকিং চ'ডাৰে বনাব পাৰে ঘৰতে তৈয়াৰী Floor cleaner। ইয়াৰ বাবে ২ চামুচ বেকিং চ'ডাত নেমুৰ ৰস মিহলাই লওক। তাৰ পাছত প্ৰয়োজন মতে পানী মিলাই চেকা লগা লেতেৰা টাইলছ পৰিস্কাৰ কৰি পেলাওক।