মাছৰ কণী খাবলৈ খুব সোৱাদযুক্ত। কিন্তু কেৱল খাবলৈ সোৱাদেই নহয়, মাছৰ কণীৰ আছে নানা উপকাৰিতা। মাছৰ কণীত আছে ভিটামিন–এ, যি চকু ভালে ৰাখে। মাছৰ কণী খালে তেজ পৰিষ্কাৰ হয় আৰু হিম’গ্লবিন বাঢ়ে। এনিমিয়া ৰোগীসকলৰ বাবে মাছৰ কণী খুব উপকাৰী। মাছৰ কণীত আছে ভিটামিন ডি যিয়ে হাড় শক্তিশালী কৰে, দাঁতৰ স্বাস্থ্য ভালে ৰাখে। ভিটামিন ডি হাৰ্টৰ অসুখৰ বাবেও উপকাৰী। আলঝেইমাৰ ৰোগীসকলেও মাছৰ কণী খাব পাৰে, উপকাৰ পাব। হাই ব্লাড প্ৰেছাৰ থাকিলে মাছৰ কণী খাওক, উপকাৰ পাব।