ভাৰতত মধুমেহ ৰোগত আক্ৰান্ত হোৱা লোকৰ হাৰ বেছি। জিনগত আৰু জীৱন–যাপনগত নানা কাৰণত এই হাৰ অধিক হয়। কোভিডৰ ক্ষেত্ৰত মধুমেহ বা শৰ্কৰা ভয়াৱহ। সেয়ে জানি লওক এনে কিছুমান খাদ্য যিসমূহ ডায়েবেটিছ ৰোগীসকলৰ বাবে অতি উত্তম।
সাম্প্ৰতিক গৱেষণাই কৈছে, মিলেট খালে টাইপ টু ডায়েবেটিছ হোৱাৰ আশংকা কম থাকে। তাৰ উপৰি তেজত শৰ্কৰাৰ হাৰো বৃদ্ধি কৰে মিলেটে।
গ্লুকজ মেটাবলিজম বৃদ্ধিত সহায় কৰে অখৰোটে। তাৰ উপৰি ইয়াৰ প্ৰভাৱত শৰীৰত কলেষ্টৰেলৰ মাত্ৰাও নিয়ন্ত্ৰিত হয়।
ভিটামিন, খনিজ আৰু আন প্ৰয়োজনীয় উপাদানেৰে ভৰপূৰ থাকে সেউজীয়া শাক–পাচলি। পালেং শাক, বন্ধা কবি, ব্ৰকোলিয়ে তেজত শৰ্কৰাৰ মাত্ৰা নিয়ন্ত্ৰণ কৰি ৰাখে। মধুমেহ ৰোগীসকলে শাক–পাচলিৰ ৰস খাব পাৰে। কেঁচা বা অলপ সিদ্ধ কৰি চালাডো খাব পাৰে।
কমলা, নেমু, আঙুৰসহ সকলো নেমুজাতীয় বা ছাইট্ৰাছ ফলত থাকে এণ্টিঅক্সিডেণ্ট, খনিজ আৰু ভিটামিন চি। মধুমেহ ৰোগীসকলে ডায়েটত ৰাখক চাইট্ৰাছ জাতীয় ফল।
ব্লুবেৰী, ষ্ট্ৰবেৰী, ব্লেকবেৰীসহ যিকোনো বেৰী গোত্ৰীয় ফল এণ্টিঅক্সিডেণ্ট, ফাইবাৰ, ভিটামিন আৰু খনিজেৰে সমৃদ্ধ। এইসমূহ নিয়মিতভাৱে খাওক ৰোগীসকলে।