ভাৰতীয় পাকঘৰত ধনিয়াৰ পাত আৰু মচলা হিচাপে ধনিয়াৰ ব্যৱহাৰ বহুল। ইয়াৰ সুবাস অবিহনে ভাৰতীয় খাদ্য যেন ভাৱিবই নোৱাৰি। ইয়াৰ উপৰি ভিটামিন ও, চি কেৰে ভৰপূৰ ধনিয়া মচলাৰ ঔষধি গুণ বহুত। ধনিয়াৰ তিয়াই থোৱা পানী খোৱা স্বাস্থ্যৰ বাবে খুবেই উপকাৰী। ভিটামিন চি থকাৰ বাবে ই শৰীৰৰ পৰা টক্সিন বাহিৰ কৰে। ধনিয়াই হজম প্ৰক্ৰিয়া উন্নত কৰে। মেটাবলিজম বৃদ্ধি কৰি ওজন হ্ৰাস কৰাটো কাৰ্যকৰ। চুলি মজবুত কৰা আৰু চুলিৰ বৃদ্ধিৰ বাবে ধনিয়া মচলা খুবেই প্ৰয়োজনীয়। চুলি সৰা ৰোধ কৰাটো ধনিয়া উপকাৰী। শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে ধনিয়াৰ গুৰি আৰু দানাই। আইৰনেৰে সমৃদ্ধ ধনিয়া মচলাৰ এণ্টি বেক্টেৰিয়েল আৰু এণ্টি ফাংগাল গুণ উল্লেখযোগ্য। পুৱা খালী পেটত ধনিয়াৰ গুটি টিয়াই থোৱা পানী খালে ছাল উজ্জ্বল আৰু মসৃন হয়। একাপ পানীত এক চামুচ ধনিয়া গুটি মিহলি কৰি নিশা থৈ দিয়ক। পুৱা খালী পেটত এই পানী খাওক।