কেৱল খোৱাৰ ক্ষেত্ৰতে নহয়, কলা ছাল আৰু চুলিৰ বাবেও উপকাৰী কল। সেয়ে বহুতে ফেচপেক আৰু হেয়াৰ মাস্ক হিচাপে কল ব্যৱহাৰ কৰে। নিয়মিত কল খালে আপোনাৰ স্বাস্থ্যৰ সৈতে সেন্দৰ্যও বৃদ্ধি পাব। আচলতে, কলত উচ্চ মানৰ এণ্টিঅক্সিডেণ্ট আৰু বিভিন্ন পুষ্টিকৰ গুণেৰে ভৰপুৰ, যিয়ে আমাৰ ছালক আৰু অধিক সুন্দৰ কৰি তোলাৰ বাবে সহায় কৰে। (সংগৃহীত ফটো)
কলত পটাছিয়াম আৰু মেংগানিজ প্ৰচূৰ পৰিমাণে পোৱা যায় যিয়ে আমাৰ ছালক নৰম আৰু স্বাস্থ্যকৰ কৰাৰ বাবে অত্যন্ত প্ৰয়োজনীয় উপাদান। মেংগানিজ মানুহৰ ছালত কোলাজেনৰ পৰিমাণ বৃদ্ধিত সহায় কৰে। কলাজেন হ’ল একপ্ৰকাৰ প্ৰটিন যি ছালৰ কোষৰ পৰা উৎপন্ন হয়। কলাজেনে আমাৰ ছালক নৰম কৰি ৰখাত সহায় কৰে আৰু মুখত বাৰ্ধক্যজনিত চাপ পৰাত বাধা দিয়ে। (সংগৃহীত ফটো)