গৰম বতৰত আৰু বিশেষকৈ যিসকলে ওজন কমাব বিচাৰে তেওঁলোকে দৈনিক খাদ্যত তিয়হ ৰাখে। তিয়হ এবিধ অতি স্বাস্থ্যকৰ ফল। কিন্তু প্ৰয়োজনতকৈ বেছি তিয়হ খালে কেনেধৰণৰ সমস্যা হ’ব পাৰে জানেনে? (Health Tips)
2/ 7
তিয়হ সুস্বাদু হয় আৰু লগতে স্বাস্থ্যকৰ। ইয়াত ভিটামিন কে আৰু এণ্টিঅক্সিডেণ্ট প্ৰচুৰ পৰিমাণে থাকে। কিন্তু সঠিক সময়ত আৰু পৰিমাণত নাখালে বিভিন্ন পাৰ্শ্বক্ৰিয়া হ’ব পাৰে। হয়তো বদহজম।
3/ 7
তিয়হ নিঃসন্দেহে এটা স্বাস্থ্যকৰ ফল। কিন্তু স্বাস্থ্যকৰ হ’লেও অতিমাত্ৰা একো খোৱাটো ভাল নহয়। তিয়হত প্ৰায় ৯৫ শতাংশ পানী থাকে। গতিকে অত্যধিক তিয়হ খালে পেট ফুলিব পাৰে।