পানী (Water)ৰ আন এটা নাম হৈছে জীৱন। আৰু এই কথা একেবাৰে প্ৰমাণিত। কাৰণ পানী নাখালে আমাৰ শৰীৰৰ গুৰুত্বপূৰ্ণ অংগসমূহৰ কাম-কাজত ব্যাঘাত জন্মে। শৰীৰত পানীৰ অভাৱত বিভিন্ন ধৰণৰ শাৰীৰিক সমস্যাৰ সৃষ্টি হ’ব পাৰে। আচলতে মগজুক সক্ৰিয় কৰি ৰখাৰ পৰা আৰম্ভ কৰি শৰীৰৰ উষ্ণতা নিয়ন্ত্ৰণ কৰাত পানীয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। গতিকে বিশেষকৈ গৰমৰ দিনত সকলো সময়তে পৰ্যাপ্ত পৰিমাণে পানী খাব লাগিব যাতে শৰীৰটো হাইড্ৰেটেড হৈ থাকে। প্রতীকী ছবি ৷
দেখা যায় যে বহুতে পিয়াহ লাগিলেহে পানী খায়। কিন্তু ই একেবাৰে ভুল। প্ৰথমে আপুনি জুখিব লাগিব যে আপোনাৰ শৰীৰৰ বাবে নিয়মিতভাৱে কিমান পানী লাগে। সেই হিচাপ অনুসৰি নিয়ম অনুসৰি সময়ে সময়ে পানী খাব লাগে। বিশেষজ্ঞসকলে কয় যে দিনটোত কমেও ৮ গিলাচ বা ২-৩ লিটাৰ পানী খাব লাগে। আৰু পানীৰ উপযোগিতা সম্পৰ্কে জানো আহক। প্রতীকী ছবি ৷
পানী খোৱাৰ বিভিন্ন উপকাৰীতাঃ
১. শক্তি বৃদ্ধি কৰে:
মাজে মাজে, বিশেষকৈ গৰমৰ দিনত ভাগৰুৱা অনুভৱ কৰে! কৰ্ম শক্তি নাইকীয়া যেন হয়। এইয়া হয় ডিহাইড্ৰেচনৰ ফলত, শৰীৰত পানীৰ অভাৱৰ ফলত । আচলতে ডিহাইড্ৰেচনে আমাৰ মগজুত প্ৰভাৱ পেলায়। ফলত ভাগৰ আহে আৰু কাম কৰাৰ হেঁপাহ নাইকিয়া হৈ যায়। গতিকে আপোনাৰ শক্তিৰ মাত্ৰা বৃদ্ধি কৰিবলৈ অধিক পানী খোৱাটো প্ৰয়োজন। প্রতীকী ছবি ৷