নিশা টোপনিৰ পূৰ্বে কিছুমান খাদ্য আৰু পানীয় একেবাৰে খোৱা উচিত নহয়। নিশা টোপনিৰ পূৰ্বে চকলেট আৰু বিষৰ ঔষধ কেতিয়াও খোৱা উচিত নহয়। কেফেইন থাকে চকলেটত, ফলত টোপনি প্ৰভাৱিত হয়। টোপনি মৰাৰ পূৰ্বে বিলাহী খালে টোপনিত ব্যাঘাত জন্মিব পাৰে। বিলাহী খালে এচিড ৰিফ্লাক্স হয়। পিঁয়াজে পাচনতন্ত্ৰ প্ৰভাৱিত কৰে। পিঁয়াজে পেটত গেছৰ উদ্ৰেক ঘটায়, যাৰ ফলত টোপনি নষ্ট হ’ব পাৰে। নিশা টোপনিৰ পূৰ্বে ফলৰ ৰস খোৱা উচিত নহয়। বেছিভাগ ফলত এচিড থাকে, যিয়ে শৰীৰত অস্বস্তিৰ সৃষ্টি কৰে। নিশা টোপনি মৰাৰ পূৰ্বে কেতিয়াও এলকহল অৰ্থাৎ মদ্যপান কৰা উচিত নহয়। ফলত শৰীৰৰ ক্ষতি হ’ব পাৰে।