ঘৰত খালী ভৰিৰে থাকিবলৈ ভাল পায় বহুতে। বহুতে আকৌ চেণ্ডেল অবিহনে খোজ কাঢ়িবই নোৱাৰে। আপুনি বেছিভাগ সময় জোতা বা চেণ্ডেল পিন্ধি থাকে নেকি? ঘৰৰ ভিতৰত বা বাগানত খালী ভৰিৰে খোজ কঢ়া ভাল। ইয়াৰ ফলত বহু ধৰণৰ সমস্যাৰ সমাধান হয় বুলি কয় বিশেষজ্ঞসকলে। খালী ভৰিৰে খোজ কঢ়াৰ কি কি উপকাৰ? নিশা ঠিকমতে টোপনি হয় বুলি ঔষধ খায় নেকি? তাৰ ফলত ঔষধৰ প্ৰতি নিৰ্ভৰশীলতা তৈয়াৰ হয়, অনিদ্ৰাজনিত সমস্যা দূৰ নহয়। ঘাঁহৰ ওপৰত খালী ভৰিৰে প্ৰতিদিনে নিয়মমতে খোজ কাঢ়িলে দূৰ হ’ব টোপনিৰ সমস্যা। চকু ভালে ৰাখিব বিচাৰিলে ঘৰত খালী ভৰিৰে খোজ কাঢ়ক। কাৰণ খালী ভৰিৰে খোজ কৰাৰ সময়ত ভৰিৰ পতাত যি চাপ পৰে, তাৰ ফলত চকুৰ স্নায়ু ভালে থাকে। শিশুসকলে বহু সময়ত খালী ভৰিৰে খেলিবলৈ পছন্দ কৰে। এই অভ্যাস নষ্ট হ’বলৈ নিদিব। কাৰণ খালী ভৰিৰে খোজ কাঢ়িলে শৰীৰৰ প্ৰতিটো স্নায়ুকোষ সক্ৰিয় হয়। আনকি ই ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিতো সহায় কৰে। হৰমনৰ তাৰতম্য দেখা দিলে শৰীৰ আৰু মন ভালে নাথাকে। ঋতুস্ৰাৱৰ ঠিক আগে আগে মহিলাসকলৰ মন বেয়া, পেটৰ বিষ, মূৰৰ বিষ, ওজন বৃদ্ধি, ব্ৰনৰ সমস্যা আদিয়ে দেখা দিয়ে। দৈনিক খালী ভৰিৰে খোজ কাঢ়িলে প্ৰাক–ঋতুস্ৰাৱজনিত সমস্যাৰ পৰাও মুক্তি পোৱা সম্ভৱ।