প্ৰেম আৰু চকলেটৰ কি যে ওতঃপ্ৰোত সম্পৰ্ক! বহু নষ্টালজিয়া জৰিত হৈ থাকে চকলেটৰ সেই সোণালী–ৰূপালী কাগজখনত। হাতত ভাললগা চকলেট লৈ বহুতেই তন্ময় হৈ পৰিব খোজে ভাললগাৰ আচ্ছাদনত। কি শিশু, কি তৰুণী, কি বয়োবৃদ্ধ, চকলেটৰ প্ৰেমত নপৰা কোন আছে? চকলেট খাদ্যৰ লগতে আৱেগো।