প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৃষি আইন প্ৰত্যাহাৰ কৰাৰ কথা ঘোষণা কৰিলে ঠিকেই কিন্তু এতিয়াও কৃষিৰ লগত জড়িত বহু আন্দোলনকাৰী কৃষকে সেই যুঁজৰ কথা পাহৰা নাই। আন্দোলন কৰি প্ৰাণ হল বহুজনৰ। অসুস্থ হৈ পৰিল বহু কৃষক। এই খঙৰ বাবেই নিজৰ জীয়ৰীৰ বিয়ালৈ অহাত ক্ষমতাত থকা বিজেপি দলৰ লগতে বিজেপিৰ মিত্ৰগোট জেজেপিৰ সকলো নেতা-কৰ্মীক নিষেধাজ্ঞা আৰোপ কৰিলে হাৰিয়ানাৰ ঝজ্জৰ গাঁৱৰ গ্বালিশানৰ কৃষক ৰাজেশ ধনখড়ে। ৰীতি মতে বিয়াৰ কাৰ্ডৰ ওপৰত বিজেপি, আৰএছএছ আৰু জেজেপিৰ নেতাক লিখিত ভাবে বিয়ালৈ অহাত মানা কৰিলে ৰাজেশে। তেওঁৰ স্পষ্ট কথা- বিজেপি, আৰএছএছ অথবা জেজেপিৰ কোনো নেতাক বিয়াৰ অনুষ্ঠানলৈ আহিবলৈ দিয়া নহ'ব। ৰাজেশ ধনখড় বিশ্ববীৰ জাঠ মহাসভাৰ সৰ্বভাৰতীয় সভাপতিৰ দায়িত্বত আছে। পেছাত কৃষক ৰাজেশে কৈছে- যিদৰে আন্দোলনকাৰী কৃষকক খালিস্তানী, পাকিস্তানী আখ্যা দিলে, তাৰেই প্ৰতিবাদত তেওঁ এই কাৰ্য কৰিছে। ৰাজেশৰ অভিযোগ- চৰকাৰী নীতিৰ বাবে কৃষকৰ দুৰ্দশাৰ অন্ত নাইকীয়া হৈছে।