ক্ৰিকেটাৰ হিচাপে তেওঁৰ উত্থান হয়তো ৰকেটৰ গতিৰ দৰেই। ইমান কম সময়ৰ ভিতৰত আন্তৰ্জাতিক ক্ৰিকেট খেলি ইমান টকা উপাৰ্জন খুব কম ক্ৰিকেটাৰেহে কৰিছে। হাৰ্দিক পাণ্ডিয়াৰ বিলাসী জীৱন সম্পৰ্কে কোনে নাজানে! আৰু তেওঁৰ দামী ঘড়ীৰ চখৰ কথাও বহুতেই জানে। আইপিএলৰ বাকী মেচসমূহ খেলিবলৈ ডুবাইলৈ গৈছে পাণ্ডিয়া। তাত উপস্থতি হৈয়ে পাণ্ডিয়াই এখন ফটো শ্বেয়াৰ কৰিছে। আৰু সেই ফটোত তেওংৰ হাতত থকা ঘড়ীটোক লৈ এতিয়া ইণ্টাৰনেটত চৰ্চা চলিছে। হাৰ্দিক পাণ্ডিয়াই সেই ফটোত যিটো ঘড়ী পিন্ধিছে তাৰ দাম পাঁচ কোটি টকা। অৰ্থাৎ এটা ঘড়ীৰ দামত গাড়ী–ঘৰ সকলো হৈ যাব পাৰে। Patek Philippe Nautilus Platinum 5711 ব্ৰেণ্ডৰ এই ঘড়ীটো। পাণ্ডিয়াৰ আছে দামী গাড়ীৰ চখো। সম্প্ৰতি মুম্বাইত ৮টা বেডৰুমৰ এটা সুন্দৰ ফ্লেট কিনিছে পাণ্ডিয়াই। ৩৮৩৮ স্কোৱেৰ ফিটৰ সেই ফ্লেটত পৰিয়ালসহ থাকিব হাৰ্দিক আৰু তেওঁৰ ভাতৃ ক্ৰুনাল।