বলীউদৰ অভিনেত্ৰী নতাশা আৰু ভাৰতীয় ক্ৰিকেট দল তাৰকা অলৰাউণ্ডাৰ হাৰ্ডিক পাণ্ডিয়া এতিয়া যথেষ্ট চৰ্চাত আছে। অতি সোনকালে তেওঁলোকৰ ঘৰলৈ আহিব নতুন আলহী। হাৰ্ডিকে ইনষ্টাগ্ৰামৰ শ্বেয়াৰ কৰিছে পৰিয়ালৰ ফটো। ফটোত নতাশাক হাৰ্ডিকৰ সৈতে দেখা গৈছে। প্ৰেয়সীৰ এনে সময়ত এতিয়া হাৰ্ডিকে লৈছে বিশেষ যতন। প্ৰেয়সীৰ সৈতে এতিয়া মধুৰ সময় অতিবাহিত কৰিছে হাৰ্ডিকে। শ্বেয়াৰ কৰা ফটোত হাৰ্ডিকৰ কোলাত দেখিবলৈ পোৱা গ’ল নাতাশাক। হাৰ্ডিক আৰু নতাশাৰ ফটো ভাইৰেল হৈছে ছচিয়েল মিডিয়াত।