যেন শীতৰ আগমনৰ ইংগিত! গৰমৰ পৰা পৰিত্ৰান পাব ৰাজ্যবাসীয়ে। আগন্তুক ৭২ ঘণ্টাত ৰাজ্যত প্ৰৱল বৃষ্টিপাতৰ সম্ভাৱনা। বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা জনোৱা মতে, আগন্তুক 72 ঘণ্টাৰ ভিতৰত অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ কেইখনমান ৰাজ্যৰ বহু ঠাইত বৰষুণৰ সম্ভাৱনা আছে । অহা মঙলবাৰলৈকে গুৱাহাটী মহানগৰীত প্ৰৱল বৃষ্টিপাতৰ সম্ভাৱনা । বৰষুণৰ ফলত গুৱাহাটী হ্ৰাস পাব তাপমান। যাৰ ফলত মহানগৰবাসীয়েও পৰিত্ৰাণ পাব উৎকট গৰমৰ পৰা। গুৱাহাটী মহানগৰীত প্ৰায় ২৬ ডিগ্ৰী ছেলচিয়াচলৈ নামিব পাৰে তাপমাত্ৰা। কেৱল গুৱাহাটী মহানগৰীয়েই নহয় উজনি অসমৰ যোৰহাট, শিৱসাগৰ, তিনিচুকীয়া, ডিব্ৰুগড়, উত্তৰ অসমৰ শোণিতপুৰ, লখিমপুৰ, ধেমাজি, নামনি অসমৰো বিভিন্ন প্ৰান্তত বৰষুণ হোৱাৰ সম্ভাৱনা আছে। কেন্দ্ৰীয় বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰা তথ্য অনুসৰি উক্ত দিন কেইটাত অসমকে ধৰি সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলত বৰষুণ হ’ব। অহা মঙলবাৰ পৰ্যন্ত অসমৰ উপৰিও নাগালেণ্ড, মণিপুৰ, মেঘালয় আৰু ছিকিমত ধাৰাসাৰ বৰষুণ হ’ব বুলি জানিবলৈ দিছে বতৰ বিজ্ঞান কেন্দ্ৰই।